ভয়ংকৰ পথ দুৰ্ঘটনাত আহত দুজন লোক

ভয়ংকৰ পথ দুৰ্ঘটনাত আহত দুজন লোক। গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন। আহত দুজন সত্ৰশালৰ প্ৰবীন দাস আৰু হলেশ্বৰ দাস। বালাজানৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত ৰৈ থকা পিক‌আপ ভেন এখনত খুন্দিয়ায়। ফলত গুৰুতৰভাৱে আহত হয় প্ৰবীন দাস আৰু হলেশ্বৰ দাস।

স্থানীয় ৰাইজে ততালিকে গোলকগঞ্জ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰায় যদিও অৱস্থা গুৰুতৰ হোৱাত ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ আছিল HR 26 DR 3268 । আনহাতে কৌশলেৰে দুৰ্ঘটনাগ্ৰস্ত পিক‌আপ ভেন খন পলায়ন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...