নিষিদ্ধ ড্ৰাগছসহ জালত ছোনি মেছ

ৰাজ্যত অব্যাহত ড্ৰাগছৰ সৰবৰাহ। আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতো একাংশই চলাই গৈছে ড্ৰাগছৰ বেহা। মেৰাপানী সীমান্তত নিষিদ্ধ ড্ৰাগছসহ এজনক আটক। মেৰাপানী বজাৰৰ পৰা বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে ছোনি মেছ নামৰ এজন ব্যক্তিক। আটকাধীন ব্যক্তিজনে দীৰ্ঘদিন ধৰি নাগালেণ্ডলৈ সৰবৰাহ কৰি আছিল নিচাযুক্ত টেবলেট। এক গোপন সূত্ৰৰ পম খেদি মেৰাপানী আৰক্ষীয়ে আজিবৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী ছোনি মেছক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...