দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে ৩গৰাকী নামতিক

দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ সমীপৰ বৰ তেজপুৰত পথ দুৰ্ঘটনা। ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত তিনিগৰাকী মহিলা গুৰুতৰভাবে আহত হৈছে। এখন দ্ৰুতবেগী ট্ৰাকে মহিলাকেইগৰাকীক খুন্দা মাৰি পলাই যায় ট্ৰাকখন। আহত মহিলাকেইগৰাকী ৰঞ্জনা দাস (৫২), মইনা দাস(৪৮) আৰু ফটোবালা দাস (৪৭)। আহত তিনিওগৰাকী মহিলাৰ ঘৰ ছয়গাঁও থানাৰ অন্তৰ্গত ৩ নং আমত’লাত । তিনিওগৰাকী মহিলা নামতি আছিল। মধুপুৰৰ বিয়া এখনত দৰাক গা ধোৱাবলৈ গৈছিল আয়তীকেইগৰাকী। দীৰ্ঘ সময় 108 উপস্থিত নোহোৱাত স্থানীয় ৰাইজে ৰামপুৰ চিকিৎসালয়লৈ মহিলা কেইগৰাকীক নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে আটাইকেইগৰাকী মহিলাক। ঘটনাৰ পিছতে ছয়গাঁও, কুকুৰমাৰা, পলাশবাৰী, বিজয়নগৰ আৰক্ষীয়ে সহযোগিতা আগবঢ়ায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...