দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে ৩গৰাকী নামতিক

দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ সমীপৰ বৰ তেজপুৰত পথ দুৰ্ঘটনা। ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত তিনিগৰাকী মহিলা গুৰুতৰভাবে আহত হৈছে। এখন দ্ৰুতবেগী ট্ৰাকে মহিলাকেইগৰাকীক খুন্দা মাৰি পলাই যায় ট্ৰাকখন। আহত মহিলাকেইগৰাকী ৰঞ্জনা দাস (৫২), মইনা দাস(৪৮) আৰু ফটোবালা দাস (৪৭)। আহত তিনিওগৰাকী মহিলাৰ ঘৰ ছয়গাঁও থানাৰ অন্তৰ্গত ৩ নং আমত’লাত । তিনিওগৰাকী মহিলা নামতি আছিল। মধুপুৰৰ বিয়া এখনত দৰাক গা ধোৱাবলৈ গৈছিল আয়তীকেইগৰাকী। দীৰ্ঘ সময় 108 উপস্থিত নোহোৱাত স্থানীয় ৰাইজে ৰামপুৰ চিকিৎসালয়লৈ মহিলা কেইগৰাকীক নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে আটাইকেইগৰাকী মহিলাক। ঘটনাৰ পিছতে ছয়গাঁও, কুকুৰমাৰা, পলাশবাৰী, বিজয়নগৰ আৰক্ষীয়ে সহযোগিতা আগবঢ়ায়।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...