ডিব্ৰুগড় লাহোৱালৰ চেঁচা দলঙত অঘটন

ডিব্ৰুগড় লাহোৱালৰ চেঁচা দলঙত কাহিলি পুৱাতে অঘটন। নৈত পৰি এজন যুৱকৰ মৃত্যু, ৪জনক জীৱন্তে উদ্ধাৰ। নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা নৈত পৰে এখন মাৰুতি গাড়ী। স্থানীয় লোকৰ তৎপৰতাত ৪জনক উদ্ধাৰ। গুৰুতৰভাৱে আহত ৪জনক AMCHলৈ প্ৰেৰণ। দীৰ্ঘ সময় ধৰি সন্ধানহীন হৈ আছিল এজন যুৱক। SDRF, আৰক্ষী, স্থানীয় লোকৰ অভিযানত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। মৃত যুৱকজন ঈশান গগৈ বুলি চিনাক্ত। টেঙাখাটৰ তামুলীখাটৰ পৰা কইনা থ’বলৈ আহি ঘূৰি গৈছিল গাড়ীখন। লাহোৱালৰ পৰা টেঙাখাট অভিমুখী পথত এই অঘটন। AMCHত ভৰ্তি অখিৰাজ গগৈ, ত্ৰিদীপ গগৈ, লাটু গগৈ আৰু বিপ্লৱ গগৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...