গুৰুজনাৰ জন্মস্থান দৰ্শন কৰি উভতি অহাৰ সময়তে দুৰ্ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু সহ চাৰিজনকৈ যাত্ৰী গুৰুতৰভাবে আহত হৈছে। নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত হৈছে এই ঘটনা। শিশুসহ চাৰিজনকৈ যাত্ৰী গুৰুতৰভাবে আহত হৈছে, ইয়াৰে এজনৰ অৱস্থা সংকটজনক। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান দৰ্শন কৰি উভতি অহাৰ সময়তে বটদ্ৰৱা শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সন্মুখত সংঘটিত হয় এই পথ দুৰ্ঘটনা । এখন AS03M007 নম্বৰৰ এক্স ইউ ভি 500 আৰু AS02W6175 নম্বৰৰ এখন ৰেডিগো মাজত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত ডাটচান ৰেডিগোত থকা শিশুসহ চাৰিজন আৰোহী গুৰুতৰভাবে আহত হয়। এক্স ইউ ভি বাহনখনৰ যাত্ৰীসকলে বটদ্ৰৱা সত্ৰ দৰ্শন কৰি উভতাৰ পথত ডাটচান ৰেডিগোৰ যাত্ৰীয়ে থান দর্শনত যোৱাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ আহতকেইজনক বটদ্ৰৱা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...