নিয়ন্ত্ৰণহীন এল্ট’ বাহনে খুন্দিয়ালে কেইবাজনো লোকক, তীব্ৰ উত্তেজনা

বৰপেটা চহৰত পথ দুৰ্ঘটনা৷ বৰপেটা চহৰৰ মুছলিমপট্টিত সংঘটিত হয় পথ দুৰ্ঘটনা৷ AS 15 J 4852 নম্বৰৰ এখন অল্টো বাহনে বৰপেটা চহৰৰ মুছলিমপট্টিত কেইবাজনো লোকক খুন্দিয়ায়৷ ফলত গুৰুতৰভাবে আহত হয় এগৰাকী যুৱতী। লগতে আহত হয় আন কেইবাজনো লোক। গুৰুতৰভাৱে চেলিমা ইয়াছমিনক সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছে। হাউলীৰ ইটাৰভিঠাৰ আবু বক্কৰ ছিদ্দিকত ঘৰ আহত যুৱতীগৰাকীৰ। অল্ট গাড়ীখনৰ চালক বৰপেটাৰ আমবাৰী হাটীৰ গৌতম দাস বুলি জানিব পৰা গৈছে৷ আনহাতে, দুৰ্ঘটনাৰ পিছতে মুছলিমপট্টিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্ট হয়। আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি থানালৈ লৈ যায় গাড়ী চালকজনক৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাতীটোৱে নাচি থকা নাই… হয়তো নীৰৱে সহায় বিচাৰিছে!

হাতী এটাৰ শুঁৰ ইফালে-সিফালে দুলি আছে। মূৰটো একে ছন্দত...

নেপালত সন্ধানহীন অসমৰ ৩ যুৱক

✒️ মুন গোস্বামী ৩ দিনে পৰিয়াল, বন্ধু বৰ্গৰ সৈতে হোৱা...

২৫ বছৰ সম্পূৰ্ণ হ’ব 9/11 আক্ৰমণৰ: কিয় আজিও বিচাৰলৈ অহা নাই খালিদ শ্বেখ মহম্মদ?

২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত 9/11 আক্ৰমণৰ ২৫...

নেপালৰ বিধ্বংসী বান: ২৯০ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে যোগাযোগ বিচ্ছিন্ন, উদ্ধাৰ অভিযান অব্যাহত

নেপালত সংঘটিত হোৱা প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনৰ ফলত সৃষ্টি...