পৰীক্ষা পতা সন্দৰ্ভত শিক্ষা সংসদৰ সৈতে আছু-এবছুৰ প্ৰতিনিধিৰ বৈঠক

গুৱাহাটী, ১১ জুন, NKTV:উচ্চতৰ মাধ্যমিক পৰীক্ষা আয়োজন সন্দৰ্ভত শিক্ষা সংসদৰ সৈতে আছু-এবছুৰ প্ৰতিনিধিৰ এখন বৈঠক আজি অনুষ্ঠিত হয়। কিদৰে উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰিব পাৰি এই বিষয় সন্দৰ্ভত বৈঠকত বিতং ভাৱে আলোচনা কৰা হয়। শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যত বিনষ্ট নোহোৱাকৈ কেনেকৈ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰি তাক লৈও কৰা হৈছে ব্যাপক চিন্তা চৰ্চা কৰা। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, সচিব ৰমেশ চন্দ্ৰ চুতীয়া আৰু পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰৰ সৈতে আছু-এবছুৰ প্ৰতিনিধিবৰ্গই আলোচনাত অংশ লয় । বৈঠকত উপস্থিত থাকে আছুৰ প্ৰতিনিধি সমুজ্জ্বল ভট্টাচাৰ্য, দীপাংক নাথ,শংকৰজ্যোতি বৰুৱা। আনহাতে এই বৈঠকত উপস্থিত এবছুৰ প্ৰতিনিধি হিচাপে সভাপতি দ্বীপেন বড়োৱে অংশ লয়।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...