কিৰন ৰাওৰ সৈতে কিয় হৈছিল বিবাহ বিচ্ছেদ? প্ৰথমবাৰলৈ ৰাজহুৱা কৰিলে বিচ্ছেদৰ কাৰণ

এবছৰ পূৰ্বে আমিৰ খান আৰু কিৰন ৰাৱে বিবাহ বিচ্ছেদ ঘোষণা কৰিছিল। সততে হাঁহি-স্ফূৰ্তিত থকা এই জনপ্ৰিয় দম্পতীৰ বিচ্ছেদে সকলোকে আচৰিত কৰি তুলিছিল। সকলো অনুৰাগীয়ে নিজৰ নিজৰ ধৰণে কাৰণ বিশ্লেষণ কৰিছিল। হঠাতে দুয়োৰে বিচ্ছেদ বহু অনুৰাগীয়ে সহজে গ্ৰহণ কৰিব পৰা নাছিল। মিডিয়াৰ সন্মুখত ব্যক্তিগত জীৱনক লৈ বৰ বেছি মন্তব্য প্ৰকাশ নকৰে আমিৰ খানে। একান্তই ব্যক্তিগত বিষয়ক লৈ সাক্ষাত্কাৰ দিবলৈ ৰাজী নহয় জনপ্ৰিয় অভিনেতাজন। কিন্তু শেহতীয়াভাবে নিজৰ ব্যক্তিগত জীৱনক লৈ খোলাখুলিভাবে নিজৰ অভিমত প্ৰকাশ কৰিছে আমিৰ খানে। যোৱা বছৰে বিবাহ বিচ্ছেদ হলেও দুয়ো বিচ্ছেদক লৈ নীৰৱতা অৱলম্বন কৰিছিল। কিন্তু ইয়াৰ পিছতো দুয়োকে বহুবাৰ একেলগে ৰাজহুৱা অনুষ্ঠানত দেখা গৈছিল। আমিৰৰ মতে-কিৰণ আৰু মই এতিয়াও ইজনে সিজনক ভালপাও। এই কথাষাৰ আন মানুহৰ বাবে বুজাটো অসম্ভৱ বা নুবুজা সাঁথৰ। ইয়াৰ একমাত্ৰ কাৰণ হৈছে এই ধৰণৰ সম্পৰ্ক আমাৰ সমাজত প্ৰচলিত নহয়। এই কথাটোক লৈ আমি দুয়োজনে দীৰ্ঘ সময় ধৰি আলোচনা কৰিছোঁ, বহু চৰ্চাৰ অন্ততহে আমি এনে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়াও কিৰণেই মোৰ পৰিবাৰ। কিৰণৰ পৰিয়াল এতিয়াও আমাৰেই আত্মীয়। কিন্তু আমাৰ মাজত থকা স্বামী-স্ত্ৰীৰ সম্পৰ্ক সলনি গৈছে। বিয়া নামৰ অনুষ্ঠানটোক আমি দুয়োজনেই সন্মান কৰোঁ। আমি ইজনে সিজনৰ হাতত ধৰিয়েই আগবাঢ়িছো বুলি মন্তব্য কৰে আমিৰ খানে।
কেৱল কিৰণেই নহয়, আমিৰ খানৰ সৈতে মধুৰ সম্পৰ্ক প্ৰথম পত্নী ৰীনাৰ সৈতেও। ডেকা বয়সতে ৰীনা দত্তৰ সৈতে প্ৰথম বিবাহ কৰিছিল আমিৰ খানে। আমিৰৰ ভাষাত- আমি আৰু ৰীনা একেলগে ডাঙৰ হৈছিলোঁ। বিচ্ছেদৰ পিছত এতিয়াও আমি ভাল বন্ধু। আমিৰে কয়-ৰীনা খুব ভাল মানুহ। পানী ফাউণ্ডেচনৰ এটা প্ৰকল্পত একেলগে কাম কৰিছে আমিৰ, ৰীনা আৰু কিৰণে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...