২৪ ঘন্টাৰ ভিতৰত দুবাৰ লজ্জানত সভ্য সমাজ

শোণিতপুৰত ২৪ ঘন্টাত সংঘটিত হ’ল মানৱতাক লজ্জানত কৰা দুটা ঘটনা। ডাইনীৰ অপযশ দি এগৰাকী মহিলাক জীৱন্তে জ্বলালে নৰাধমৰ এটা দলে। সেই ঘটনাৰ ২৪ ঘন্টা নহওঁতে অন্ধবিশ্বাসৰ বলি দম্পতী। ঘৰ-দুৱাৰ ভাঙি, গছ-গঠনি কাটি গাঁৱৰ পৰা খেদি দিলে স্বামী-স্ত্ৰীক। অসহায় দম্পতী কাষ চাপিল আৰক্ষীৰ। ইপিনে অন্ধবিশ্বাসৰ বলি হৈ মৃত্যু হোৱা মহিলাৰ ঘৰত উপস্থিত জিলা আয়ুক্তৰ লগতে প্ৰশাসনৰ কেইবাজনো উচ্চ পদস্থ বিষয়া।

২৪ ঘন্টাৰ ভিতৰত দুবাৰ লজ্জানত সভ্য সমাজ
সাংস্কৃতিক নগৰীৰ আশে-পাশে মানৱতা ভূলুণ্ঠিত

ডাইনীৰ অপযশ জাপি দি তেজপুৰৰ বৰচন ঘগৰা বাগিচাত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰিছিল অন্ধবিশ্বাসী একাংশ লোকে। প্ৰথমে মহিলা-গৰাকীক হানি খুঁচি হত্যা কৰি পাছত ঘৰৰ চোতালতেই খেৰ-খৰি জাপি জ্বলাই দিছিল দানৱৰ দলটোৱে। অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল মহিলাগৰাকীৰ। সেই ঘটনাই জোকাৰিছে ৰাজ্য। অমনাৱীয় কাণ্ডৰ ২৪ ঘন্টাই নহ’ল।

আন এটা ভয়ানক ঘটনা। শোণিতপুৰৰ চাৰিদুৱাৰত এজন লোকক ডাইনী সজালে একাংশই। সেই অপবাদ দি চলালে চৰম নিৰ্যাতন। চাৰিদুৱাৰ অসম অৰুণাচল সীমান্তৰ চটাই নমাইল গাঁৱত ষাঠী উৰ্দ্ধৰ দম্পতীৰ ঘৰ জ্বলাই দিলে দুৰ্বৃত্তই। গাঁৱৰ পৰা খেদি দিলে… কাটি তহিলং কৰিলে বাৰীৰ গছ-গছনি।

প্ৰথমে এঘৰৰ চোতালত দুয়ো স্বামী-স্ত্ৰীক বহুৱাই লৈছিল একাংশই। তাৰ পাছত নিজকে ডাইনী বুলি মানি লবলৈ হেঁচা প্ৰয়োগ কৰিছিল। সেই কথা মানি নোলোৱাত মাৰপিট কৰি গাঁৱৰ পৰা খেদি দিলে দুয়োকে। সম্প্ৰতি দুয়ো আত্মীয়ৰ এঘৰত আশ্ৰয় লৈ আছে।

অন্ধবিশ্বাসৰ আঁৰ লৈ মাটি-বাৰী, সম্পত্তি দখলৰ ষড়যন্ত্ৰ
সেই ষড়যন্ত্ৰৰেই বলি হৈছে নেকি অসহায় দম্পতী

ইপিনে, বৰচন ঘগৰা বাগিচাত সংঘটিত ঘটনাটোৱেও জোকাৰিছে সচেতন লোকৰ মন-মগজু। ঘটনাৰ তদন্ত কৰিবলৈ উপস্থিত হৈছেগৈ জিলা আয়ুক্ত আৰু কেইবাজনো উচ্চ পৰ্যায়ৰ বিষয়া। একবিংশ শতিকাত সংঘটিত এনে ঘটনাৰ কাৰক বহুত।
ব্যক্তিগত শত্ৰুতা
ভিতৰুৱা এলেকা এয়া। ব্যক্তিগত শত্ৰুতাৰ পোতক তুলিবলৈ বহুসময়ত একাংশই চলাই ডাইনীৰ অপবাদ। সমাজখনক বিপথে পৰিচালিত কৰি শত্ৰুতা থকা লোকজনক শেষ কৰাৰ অভিসন্ধি ৰচনা কৰে।
শিক্ষাৰ অভাৱ
শিক্ষাৰ পোহৰ নোপোৱা একাংশ লোকে নাজানে আইনৰ অ, আ, ক, খ। ঘটনা ঘটি যায়। আৰক্ষী উপস্থিত হোৱাৰ পাছতহে অনুমান কৰে কিবা এটা নহবলগীয়া হল।
অত্যধিক মাদক দ্ৰব্যৰ প্ৰচলন
চাহ বাগিচাৰ এই এলেকাবোৰত সন্ধিয়া হলেই পুৰুষ বহে মদৰ ভাটিত। অধিকাংশ সময়েই সুৰাৰ ৰাগীত মাতাল হৈ থাকে একাংশ। অবৈধ সুৰাৰ বৃহত প্ৰচলনো অসামাজিক ঘটনাৰ কাৰণ। ৰোধ কৰিব লাগিব।
বেজে বিপথে পৰিচালিত কৰে সমাজ
কাৰোবাৰ বেমাৰ আজাৰ হলেও এওঁলোক কাষ চাপে বেজৰ। সেই বেজে অনেক কথা কয়। সেই কথাকেই চকু মুদি মানি লয় এওঁলোকে। তাৰ পৰিণতিতো ঘটে বহু নৃশংস ঘটনা। এইবোৰৰ বিৰুদ্ধে ব্যৱস্থা লব প্ৰশাসনে। ২৪ ঘন্টাত দুটাকৈ ভয়ানক ঘটনাই জোকাৰি গৈছে শোণিতপুৰ। সভ্য সমাজৰ বাবে এৰি থৈ গৈছে বহু প্ৰশ্ন। আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হল মানুহ হিচাপে, সমাজ হিচাপে কৰবাত হাৰি গৈছোঁ নেকি আমি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বৰষা-ভাস্কৰৰ ঘৰলৈ আহিল লখিমী

নৱবৰ্ষৰ প্ৰাকক্ষণত অভিনেত্ৰী বৰষাৰণী বিষয়াই দিলে ভাল খবৰ বৰষা-ভাস্কৰৰ ঘৰলৈ...

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ। দেওবাৰে নিশা...

প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত

৫০ বছৰৰ শীতলতম নিশাৰ সাক্ষী হ’ল শ্ৰীনগৰ। মাইনাছ ১০...

টংলাৰ ২ দেৱশিশুৰ হত্যা ৰহস্য ফাদিল

অকল্পনীয়, অবাস্তৱ, লোমহৰ্ষক। মাত্ৰ ১০ মিনিটতে ২ ভাতৃক হত্যা।...