১০ মাহে সন্ধান নাই বেলতলাৰ ডেইজী দত্তৰ

গুৱাহাটীৰ মাজমজিয়াৰ পুনৰ নিৰুদ্দেশ এগৰাকী মহিলা। ১০ মাহ পূৰ্বে বেলতলাৰ গোহাঁইবাৰীৰ ভাড়াঘৰৰ পৰা নিখোজ হৈছিল ডেইজী দত্ত নামৰ মহিলাগৰাকী। ডেইজীৰ নিৰুদ্দেশ সন্দৰ্ভত থানাত দিয়া হৈছিল এজাহাৰ। পৰৱৰ্তী সময়ত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত ওলাইছিল মহিলাগৰাকীৰ বেগ-চেণ্ডেল-মোবাইল। মহিলাগৰাকীৰ পৰিয়ালে স্বামীৰ বিৰুদ্ধে আনিছিল পৰিকল্পিত হত্যাৰ অভিযোগ। স্বামী সঞ্জয় বৈশ্যই দীৰ্ঘদিনে অকথ্য নিৰ্যাতন চলাই আহিছিল ডেইজীক! কেৱল সেয়াই নহয়, দাবী কৰিছিল ৫০ লাখ টকা। টকা দাবী কৰি সঞ্জয়ে শহুৰেককো কৰিছিল হাৰাশাস্তি! স্বামীৰ বিৰুদ্ধে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত থানাত ৰুজু হৈছিল গোচৰ। ডেইজীৰ পৰিয়ালৰ অভিযোগ অন্য যুৱতীৰে আছিল সঞ্জয়ৰ সম্পৰ্ক। বশিষ্ঠ থানাত ডেইজী কাণ্ডক লৈ ৰুজু হৈছিল ৪১৭/২৪ নম্বৰৰ গোচৰ। গোচৰটোত সন্নিবিষ্ট হৈছিল 120B, 201 আৰু 302 IPC। কিন্তু আজিও ভেদ নহ’ল সেই ঘটনাৰ ৰহস্য। আজিও সন্ধান নোলাল নিৰুদ্দিষ্ট মহিলাগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...