১০ মাহে সন্ধান নাই বেলতলাৰ ডেইজী দত্তৰ

গুৱাহাটীৰ মাজমজিয়াৰ পুনৰ নিৰুদ্দেশ এগৰাকী মহিলা। ১০ মাহ পূৰ্বে বেলতলাৰ গোহাঁইবাৰীৰ ভাড়াঘৰৰ পৰা নিখোজ হৈছিল ডেইজী দত্ত নামৰ মহিলাগৰাকী। ডেইজীৰ নিৰুদ্দেশ সন্দৰ্ভত থানাত দিয়া হৈছিল এজাহাৰ। পৰৱৰ্তী সময়ত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত ওলাইছিল মহিলাগৰাকীৰ বেগ-চেণ্ডেল-মোবাইল। মহিলাগৰাকীৰ পৰিয়ালে স্বামীৰ বিৰুদ্ধে আনিছিল পৰিকল্পিত হত্যাৰ অভিযোগ। স্বামী সঞ্জয় বৈশ্যই দীৰ্ঘদিনে অকথ্য নিৰ্যাতন চলাই আহিছিল ডেইজীক! কেৱল সেয়াই নহয়, দাবী কৰিছিল ৫০ লাখ টকা। টকা দাবী কৰি সঞ্জয়ে শহুৰেককো কৰিছিল হাৰাশাস্তি! স্বামীৰ বিৰুদ্ধে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত থানাত ৰুজু হৈছিল গোচৰ। ডেইজীৰ পৰিয়ালৰ অভিযোগ অন্য যুৱতীৰে আছিল সঞ্জয়ৰ সম্পৰ্ক। বশিষ্ঠ থানাত ডেইজী কাণ্ডক লৈ ৰুজু হৈছিল ৪১৭/২৪ নম্বৰৰ গোচৰ। গোচৰটোত সন্নিবিষ্ট হৈছিল 120B, 201 আৰু 302 IPC। কিন্তু আজিও ভেদ নহ’ল সেই ঘটনাৰ ৰহস্য। আজিও সন্ধান নোলাল নিৰুদ্দিষ্ট মহিলাগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও...

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...