ৰাজ্যৰ ১৯ কৃষকক ‘অংকুৰিত অসম কৃষি বঁটা ২০২৫’ প্ৰদান

বিগত বৰ্ষৰ দৰে এইবেলিও অংকুৰিত অসমে কৃষকক উৎসাহিত কৰিবলৈ আজি খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে ‘অংকুৰিত অসম কৃষি বঁটা ২০২৫’। ছয়টা শিতানত ওঠৰ গৰাকী কৃষকক প্ৰদান কৰা হয় এই বঁটা। প্ৰতিটো শিতানৰ প্ৰথম পুৰস্কাৰ ৩৫,০০০টকা। দ্বিতীয় পুৰস্কাৰ ২৫,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ১৫,০০০ টকা।

শিতান কেইটা ক্ৰমে কৃষি উদ্যমী শিতানৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে ৰঞ্জিত কুমাৰ বৰা, দ্বিতীয় স্থানত কনকলতা দাস মুদৈ আৰু তৃতীয় স্থান লাভ কৰিছে ৰাজিয়া ৰহমান।কৃষি শিতানত প্ৰথম স্থানত দ্বীপেন বৰুৱা, দ্বিতীয় স্থানত বিনয় লিখক আৰু তৃতীয় স্থানত ৰাধিকা পাটিৰ মিলি। উদ্যান শস্য শিতানৰ প্ৰথম স্থানত আকবৰ আলি আহমেদ, দ্বিতীয় স্থানত দেৱব্ৰত ৰাভা আৰু তৃতীয় স্থানত সোণাৰাম বণিয়া।

ঠিক একেদৰে হস্ততাঁত আৰু বয়নশিল্প শিতানত প্ৰথম স্থানত গীতু ৰাজবংশী, দ্বিতীয় স্থানত পাপু ভূঞা, আৰু তৃতীয় স্থানত ৰেনু নাথ, আনহাতে মীন পালন শিতানত প্ৰথম স্থানত আবুৱাল মজিদ, দ্বিতীয় স্থানত ৰাহুল আমিন, আৰু তৃতীয় স্থানত প্ৰিয়ংকা দাস বৈশ্য; আৰু পশুপালন শিতানত প্ৰথম স্থানত দীপাংকৰ শইকীয়া, দ্বিতীয় স্থানত ৰাজা গোহাঁই ,তৃতীয় স্থান লাভ কৰিছে মাধুৰ্য বৰাই। উক্ত অনুষ্ঠানতে প্ৰদান কৰা হয় ‘অংকুৰিত অসম কৃষক ৰত্ন বঁটা’ও। এই বঁটাৰ পৰিমাণ হৈছে ৫০,০০০টকা।কৃষি ৰত্ন বঁটা লাভ কৰিছে‌ গোলাঘাট জিলাৰ সীমান্ত দত্তই। উল্লেখ্য যে,বাৰমাহে খেতিপথাৰ নদন বদন হৈ থকা, যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে এখন স্বাবলম্বী তথা আত্ম নিৰ্ভৰ অসম গঢ় দিয়াৰ লক্ষৰে বিগত ছয় বছৰ পূৰ্বে গঠিত হৈছিল ‘অংকুৰিত অসম’ৰ।

পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত অতিথি ৰূপে উপস্থিত থাকে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা,অসম পশু ধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, জ্যেষ্ঠ সাংবাদিক‌ মনোজ কুমাৰ গোস্বামী, নিতুমণি শইকীয়া,প্ৰণয় বৰদলৈ, মৌচম হাজৰিকা,অসম গৌৰৱ বঁটা প্ৰাপক উপেন্দ্ৰ ৰাভা, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ডা: বিবেকানন্দ শইকীয়া, অংকুৰিত অসম কৃষি বঁটা ২০২৪ৰ কৃষি ৰত্ন বঁটা প্ৰাপক নলবাৰীৰ তপন দত্ত বৰুৱাৰ লগতে ‘অংকুৰিত অসম’ৰ সভাপতি নাছেৰ হুছেইন আৰু সম্পাদক ৰমেশ পাণ্ডে ছেত্ৰীl

বন্তি প্ৰজ্বলনৰ পিছতে,আমন্ত্ৰিত অতিথিসকলে ভাষণ প্ৰদান কৰে।ভাষণ প্ৰসংগত বক্তাসকলে ‘অংকুৰিত অসম’এ কৃষকৰ সামৰ্থৰ উত্কৰ্ষ সাধনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে ।
আৰু তাৰ পিছতেই বিজয়ী‌ কৃষক সকলক বঁটা প্ৰদান কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...