বহিঃৰাজ্যৰ পৰা আহি অসমত প্ৰৱঞ্চনাৰ জাল, আধাৰকাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰৰ নামত ৰামঠগন দি গ্ৰেপ্তাৰ আনন্দ কুমাৰ

আধাৰ কাৰ্ডৰ নামত চাহ বাগিচাৰ সহজ সৰল শ্ৰমিকক বহি:ৰাজ্যৰ যুবকৰ প্ৰবঞ্চনা। ৰাজ্যৰ বিভিন্ন চাহ-বাগিচা কৰ্তৃপক্ষক বাগিচাৰ শ্ৰমিকসকলক অধাৰকাৰ্ড প্ৰস্তুতৰ নিৰ্দেশ প্ৰদান কৰিছে। যাৰ ভিত্তিত চাহ বাগিচাসমূহত নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ কোম্পানীয়ে বাগিচাসমূহত আধাৰ কেন্দ্ৰ স্থাপন কৰি নিযুক্তি প্ৰদান কৰিছে একাংশ যুৱকক। অপাৰেটৰ হিচাপে দেশৰ বিভিন্ন স্থানৰ যুৱকক নিয়োজিত কৰিছে অসমত। কিন্তু তাৰ মাজতে আজি বিশ্বনাথৰ সাকোমঠা বাগিচা কৰ্তৃপক্ষই পোহৰলৈ আনিলে আধাৰ কাৰ্ডৰ নামত বাগিচাখনৰ শ্ৰমিকক প্ৰবঞ্চনা কৰা এজন বহি:ৰাজ্যৰ যুৱকৰ কাণ্ড। নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ কোম্পানীয়ে আধাৰ কেন্দ্ৰৰ অপাৰেটৰ হিচাপে বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত নিয়োগ কৰা আনন্দ কুমাৰ নামৰ ৰাঁচী নামৰ যুৱকজনে আধাৰ কাৰ্ডৰ নামত সহজ-সৰল বাগিচাৰ শ্ৰমিকৰ পৰা গ্ৰহণ কৰি আহিছিল ধন। দিন হাজিৰা কৰা বাগিচাৰ শ্ৰমিকসকলৰ পৰা আধাৰৰ নামত ১৫০ টকাকৈ সংগ্ৰহ কৰাৰ লগতে বাগিচাখনৰ শ্ৰমিকসকলক ভুৱা জন্মৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি প্ৰতিখনত ৬০০ টকাকৈ সংগ্ৰহ কৰি আহিছিল। কিন্তু আজি বহি:ৰাজ্যৰ যুৱকজনৰ কৰ্মকাণ্ডত সন্দেহ ওপজাত জিলা প্ৰশাসনক খবৰ দিয়ে। লগে লগে জিলা কাৰ্যবাহী দণ্ডাধিক কংকনা শইকীয়া উক্ত চাহ বাগিচাত উপস্থিত হৈ নথি-পত্ৰ জব্দ কৰাৰ লগতে বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে আটক কৰে বহি:ৰাজ্যৰ যৱবক জনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...