ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত ‘সংস্কৃতি আৰু ঐতিহ্য’ শীর্ষক তিনিদিনীয়া প্ৰদৰ্শনী

ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ ভাৰতীয় জ্ঞান ব্যৱস্থা কোষে সোমবাৰে ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ,বিশ্ববিদ্যালয়ৰ ইতিহাস, কলা, স্থাপত্য, আৰু ভ্ৰমণ আৰু পৰ্যটন বিভাগৰ সহযোগত ‘সংস্কৃতি আৰু ঐতিহ্য’ শীর্ষক এক তিনিদিনীয়া আকৰ্ষণীয় প্ৰদৰ্শনীৰ আয়োজন কৰে। ভাৰতৰ চহকী আৰু সমৃদ্ধ ইতিহাস বিজড়িত বিভিন্ন  সামগ্ৰী আৰু শিল্প প্ৰদৰ্শন কৰা হৈছে এই প্ৰদৰ্শনীত। এই প্ৰদৰ্শনী উদ্বোধন কৰে ডিন (একাডেমিক) ডঃ অংকুৰ গাংগুলী, ডঃ শীলা বৰা, উপদেষ্টা, ৰয়েল স্কুল অৱ হিউমেনিটিজ এণ্ড ছ’চিয়েল চাইন্সেছ । এই অনন্য প্ৰদৰ্শনীৰ সামৰণি পৰিব অহা ২২ মে’ত।

ইয়াৰ পিছতেই অনুষ্ঠিত হয় এক বিশেষ  বক্তৃতা প্রদান অনুষ্ঠান। এই অনুষ্ঠানৰ বিষয় বস্তু আছিল ‘শিল্প পুণৰ উজ্জীৱিকৰণ আৰু বিভিন্ন সম্প্ৰদায়ৰ ওপৰত ইয়াৰ আৰ্থ-সামাজিক প্ৰভাৱ”৷ এই সন্দৰ্ভত আলোকপাত কৰে ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ’ৰ সঞ্চালক বন্দনা মাঞ্চনদাই।এই অনুষ্ঠানত উপস্থিত থাকে ডিন (একাডেমিক) ডঃ অংকুৰ গাংগুলী, ডঃ শীলা বৰা, উপদেষ্টা, ৰয়েল স্কুল অৱ হিউমেনিটিজ এণ্ড ছ’চিয়েল চাইন্সেছ, বিভাগীয় শিক্ষক লগতে ছাত্ৰ ছাত্ৰী সকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...