অৰুণাচলত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ সেনা জোৱানে

অৰুণাচলত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ সেনা জোৱানে। বুধবাৰে পুৱা সেনা জোৱান আব্দুছ চালামৰ নশ্বৰদেহ লৈ অনা হ’ল বঙাইগাঁৱৰ নিজা বাসগৃহলৈ। ঘৰখনত কান্দোনৰ ৰোল উঠিল। শ শ গুণমুগ্ধই শেষ বিদায় জনালে সাহসী সেনা জোৱানজনক।

সাহসী সেনা জোৱান আব্দুছ চালামক শেষ বিদায়
অশ্ৰুসিক্ত নয়নেৰে জানাজাত অংশ শ শ গুণমুগ্ধৰ
শোকাৱহ দুৰ্ঘটনা, মানিকপুৰত শোকৰ ছাঁ

বঙাইগাঁৱৰ শিমলাবাৰীৰ সেনা জোৱান আব্দুছ চালাম। শেহতীয়াকৈ ছুবেদাৰলৈ উন্নীত হৈছিল তেওঁৰ পদবী। তাৰ পাছতেই অৰুণাচল প্ৰদেশত পাইছিল দায়িত্ব। দায়িত্ব পালন কৰিবলগীয়া স্থানলৈ প্ৰথম জানুৱাৰীতেই ওলাই গৈছিল তেওঁ। তেওঁৰ সৈতে আন সতীৰ্থসকলক লৈ আগবাঢ়িছিল সেনাৰ গাড়ী।
হঠাৎ সেনাৰ গাড়ীৰ ব্ৰেকফেইল হ’ল…
দুৰ্ঘটনাত পতিত হ’ল বাহনখন

কেইবাজনো সেনা আহত হ’ল দুৰ্ঘটনাটোত। গুৰুতৰভাবে আহত আব্দুছ চালামক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক সাৱটি লয় তেওঁ।

বুধবাৰে পুৱাৰ ভাগত অৰুণাচলৰ পৰা বঙাইগাঁৱৰ নিজৰ ঘৰলৈ লৈ অনা হয় সেনা জোৱান আব্দুছ চালামৰ মৃতদেহ। শোকত ভাগি পৰে পৰিয়াল। শ শ গুণমুগ্ধই শেষ বিদায় দিবলৈ ভিৰ কৰে বঙাইগাঁৱৰ শিমলাবাৰীত। সমাজৰ সৈতে মিলি চলা ভদ্ৰ, অমায়িক আব্দুছ চালামৰ মৃত্যুত বঙাইগাঁৱত শোকৰ ছাঁ।

১১ বজাত শিমলাবাৰীত সম্পন্ন হ’ল জানাজা। সহস্ৰাধিক লোকে আব্দুছ চালামৰ জানাজাত অংশগ্ৰহণ কৰিলে। অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় আব্দুছ চালামক। এৰি থৈ যোৱা পত্নী, দুই সন্তান এতিয়া দিশহাৰা। উচুপি উঠিল সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...