মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ হাতীপুৰা অঞ্চলত মঙ্গলবাৰে কুঁহিয়াৰ বাৰীত পৰুৱাৰ মাজত উদ্ধাৰ এটি নৱজাতক।

কোনো পাষাণ হৃদয়ৰ লোকে নৱজাত শিশুটিক এনেদৰে কুঁহিয়াৰ বাৰীৰ মাজত এৰি থৈ যোৱাৰ সন্দেহ। স্থানীয় এগৰাকী যুৱতীয়ে কুঁহিয়াৰ বাৰীৰ মাজৰ পৰা শিশুৰ কান্দোন শুনি ওচৰলৈ গৈ শিশুটিক প্ৰত্যক্ষ কৰে। লগে লগে তেওঁ শিশুটিক উদ্ধাৰ কৰি নিজৰ ঘৰলৈ লৈ আহে।

উদ্ধাৰৰ সময়ত শিশুটিক পৰুৱাই কামুৰি থকা বুলি জানিব পৰা গৈছে। পৰুৱাৰ কামোৰত শিশুটি দুৰ্বল আৰু অসুস্থ হৈ পৰিছিল। স্থানীয় লোকসকলে ততাতৈয়াকৈ ঘটনাটোৰ বিষয়ে বকলীয়াঘাট আৰক্ষীক অৱগত কৰে।

বকলীয়াঘাট আৰক্ষীয়ে নৱজাত শিশুটিক জিম্মাত লয়। আৰক্ষীয়ে শিশুটিক প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে শিশুটিৰ সুৰক্ষাৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে।

ইয়াৰ পাছতে বুধবাৰে আৰক্ষীয়ে নৱজাত কন্যা শিশুটিক চাইল্ড ৱেলফেয়াৰ কমিটি (CWC)-ৰ হাতত গতাই দিয়ে। বৰ্তমান শিশুটি CWCৰ তত্বাৱধানত আছে বুলি জানিব পৰা গৈছে।

ইফালে, নৱজাত শিশুটিক এনেদৰে কুঁহিয়াৰ বাৰীৰ মাজত অসহায় অৱস্থাত পেলাই থৈ যোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...