কলিকতাৰ এজন মানুহ অসমলৈ আহিছে। কেৱল এবাৰ দুবাৰ নহয়। বছৰে বছৰে, অবিৰতভাৱে আহিয়েই আছে। এজন মানুহ এখন ঠাইলৈ যোৱাটো নিশ্চিতৰূপে এটা বাতৰি হোৱাৰ থল নাথাকে। কিন্তু যদিহে সেই আগমনত থাকে মহৎ উদ্দেশ্য তেতিয়া বাতৰি নহৈ নোৱাৰে। চাওক এই প্ৰতিবেদন, পিতৃ-মাতৃৰ প্ৰতি অনীহাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰাৰ সময়তে আমি দেখুৱাম পিতৃ স্মৃতিৰ পম খেদি অহা এগৰাকী অশীতিপৰৰ কাহিনী।
কলিকতাৰ এজন মানুহ অসমলৈ আহিছে
বছৰে বছৰে, অবিৰতভাৱে আহিয়েই আছে
কোনোবা ক’ৰবালৈ যোৱাটো নিশ্চিতৰূপে বাতৰি হোৱাৰ থল নাথাকে
কিন্তু যদিহে আগমনত মহৎ উদ্দেশ্যত, তেতিয়া বাতৰি নহৈ নোৱাৰে
বাতৰি হোৱাৰ আঁৰৰ কাহিনীটো আছে এটা পেপাৰ কাটত
কাহিনীৰ নায়ক আৰ. বি. সেনগুপ্ত, বয়স ৮৫
প্ৰতিবছৰে অহা স্থান কেটলা, বিহালী
কিয় আহে প্ৰতিবছৰে? এই প্ৰতিবেদন বিতং তথ্য সামৰি
পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি পৰমং তপ
পিতৃ স্মৃতিৰ পম খেদি
শৈশৱৰ সুৱাসৰ সন্ধানত এই যাত্ৰা
এয়া বিহালীৰ কাহিনী। হাতত এটা পুৰণি পেপাৰ কাট লৈ থকা মানুহজনৰ নাম আৰ. বি. সেনগুপ্ত। ঘৰ কলিকতাত। বিহালীৰ কেটলাত উপস্থিত হোৱা এই ব্যক্তিজন বাতৰি হোৱাৰ আঁৰৰ কাহিনীটো আছে এই পেপাৰ কাটটোতেই। এই মানুহজনৰ অসমৰ সৈতে আছে প্ৰগাঢ় সম্পৰ্ক। সেই সম্পৰ্ক পিতৃ সূত্ৰে।
ব্যক্তিজনৰ পিতৃ আছিল বৰগাং চাহ বাগিচাৰ প্ৰথমজন চিকিৎসক
সেয়া ১৯৩৪–৩৫ চনৰ ইংৰাজ শাসন কালৰে কথা
১৯৩৯ চনত জন্মগ্ৰহণ কৰা এই ব্যক্তিজনে শৈশৱৰ ১০টা বছৰেই কটালে বিহালীৰ বৰগাং চাহ বাগিচাত। জীৱনৰ আদিপাঠ আৰম্ভ কৰিলে অসমীয়া মাধ্যমৰ বিদ্যালয়ত।
পৰৱৰ্তী সময়ত কলিকতালৈ পঢ়িবলৈ গুচি যোৱা আৰ. বি. সেনগুপ্তই কেৰিয়াৰ সামৰিলে আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডবা খেল পৰিচালক হিচাপে। ৮টা বসন্ত পাৰ কৰি অভিজ্ঞতাৰে পুষ্ট মানুহজন বাৰে বাৰে ঘূৰি আহে বিহালীৰ কেটলালৈ। স্থানীয় লোকৰ সহযোগত ৰোমন্থন কৰে অতীতৰ।
কিন্তু এই প্ৰতিবছৰৰ আগমনৰ আছে বিশেষ উদ্দেশ্য। শুনক আৰ. বি. সেনগুপ্তৰ মুখেৰেই…
এনে মহৎ উদ্দেশ্যৰ প্ৰতি সন্মান জনালে বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে
যি সময়ত পিতৃ–মাতৃক অৱহেলা কৰাৰ খবৰ বিভিন্ন মাধ্যমত শিৰোনাম হয়, তেনে এক সময়ত পিতৃৰ স্মৃতি সুঁৱৰি ৮৫ বছৰ বয়সতো বছৰত এবাৰকৈ অসমলৈ অহা মানুহজনৰ কথাটো বাতৰি হ’ব নোৱাৰেনে?