বতাহ-ধুমুহা নহাকৈয়ে বাগৰি পৰিল প্ৰকাণ্ড গছ, গুৰুতৰভাবে আহত ৩গৰাকী পথাচাৰী

যোৰহাট নগৰত ভয়ংকৰ দুৰ্ঘটনা। নগৰখনৰ বৰুৱা চাৰিআলিত এজোপা প্ৰকাণ্ড গছ অকস্মাতে বাগৰি পৰাত ৩গৰাকী পথচাৰী গুৰুতৰভাবে আহত হৈছে। ইয়াৰে এগৰাকী মহিলাক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। কোনো বিশেষ ধুমুহা-বতাহ নহাকৈয়ে বৃহৎ গছজোপা বাগৰি পৰাত এই ভয়ংকৰ দুৰ্ঘটনাত আচম্বিত হৈ পৰিছে স্থানীয় ৰাইজ। আজি ঈদৰ বাবে যোৰহাট নগৰৰ মাজমজিয়াত মানুহৰ সমাগম কম আছিল। অন্যথা ভয়ংকৰ ঘটনাৰ সূত্ৰপাত ঘটিলেহেঁতেন বুলি আশংকা প্ৰকাশ কৰিছে ৰাইজে। বন বিভাগৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই আজি যোৰহাটত এই ভয়ংকৰ দুৰ্ঘটনাত সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...