হাতত টৰ্চ আৰু কান্ধত ৰাইফল লৈ ৰাষ্ট্ৰীয় ঘাইপথত এদল সাহসী যুৱতী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে নিশা হ’লে ব্যতিক্ৰমী দৃশ্য। হাতত টৰ্চ আৰু কান্ধত ৰাইফল লৈ ৰাষ্ট্ৰীয় ঘাইপথত এদল সাহসী যুৱতী। শীতৰ প্ৰকোপক নেওচি দায়িত্ব পালনত ব্যস্ত তেওঁলোক। দায়িত্ব কাজিৰঙাৰ বন্যজন্তুক সুৰক্ষা প্ৰদানৰ।

বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্বত এদল সাহসী সেনানী
হাতত টৰ্চ, কান্ধত ৰাইফল লৈ ওলায় মাৰ্টিনাহঁত

এওঁলোকৰ জীৱন আন কিশোৰী-যুৱতীসকলতকৈ পৃথক। এওঁলোকৰ দায়িত্বই তেনেকুৱা। কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত এইসকল মহিলা বনকৰ্মী। এতিয়া শীতৰ প্ৰকোপ বাঢ়িছে। এনেকৈ একুৰা জুইৰ উত্তাপ লৈ নিশা দায়িত্ব পালন এওঁলোকৰ। পানবাৰী সংৰক্ষিত বনাঞ্চলৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা হলেই ফুট পেট্ৰলিঙত দেখিবলৈ পোৱা যায় এইসকল মহিলা বনৰক্ষীক।

নিশা ৰাস্তা পাৰ হ’বলৈ খোজা এশিঙীয়া নাইবা বন্যহস্তীক টৰ্চ মাৰি খেদি পঠিয়ায় ৰাষ্ট্ৰীয় উদ্যানলৈ। কেতিয়াবা ফুটাবলগীয়া হয় গুলী। কেতিয়াব চোঁচাও লয় বন্যজন্তুৱে। নিশা দায়িত্বৰ বাবে এওঁলোক আশ্ৰয় লয় টঙীঘৰত। কাজিৰঙাৰ ঘন জংঘল এতিয়া যেন তেওঁলোকৰ আপোন ঘৰ।

চৰকাৰৰ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াত বনকৰ্মী হিচাপে নিযুক্তি লাভ কৰা যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰি সংস্থাপন দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত৷ সৰুৰে পৰা মনত পুহি ৰখা আশাই বাস্তৱ ৰূপ পাইছে। আনন্দিত যুৱতীসকল। যিকোনো পৰিস্থিতিত বন্যজন্তুৰ সুৰক্ষাৰ বাবে কৰ্তব্য পালন কৰিবলৈ দায়বদ্ধ এওঁলোক৷ খুবেই ইতিবাচক এই দৃশ্য। একাংশই মনত কঢ়িয়াই ফুৰা কিছু অৱাস্তৱ ধাৰণ দূৰ কৰিব পৰাকৈ সাহসী এওঁলোক। কাজিৰঙাৰ শক্তিশালী সেনানী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...