আজি IPLৰ মহাৰণত CSK vs MI

ক’ভিড–১৯ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে স্থগিত ৰখা ২০২১ৰ আই পি এল আজিৰে পৰা পুনৰ আৰম্ভ হ’ব। ইউনাইটেড আৰব এমিৰেটছত পুনৰ আৰম্ভ হ’বলগীয়া মেগা ইভেণ্টখনৰ দ্বিতীয় লীগৰ প্রথমখন মেচত প্রাক্তন চেম্পিয়ন মুম্বাই ইণ্ডিয়ান আৰু চেন্নাই ছুপাৰ কিংছে সন্মুখ সমৰত নামিব। ৭খন মেচৰ মাত্র তিনিখনত জয় সাব্যস্ত কৰা ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে স্বাভাৱিক ছন্দলৈ উভতি অহাৰ লক্ষ্যৰে আজিৰে নিশা খেলপথাৰত নামিব।

ইফালে, বিগত বর্ষৰ আই পি এলৰ ব্যর্থতা পাহৰি এইবাৰ স্বাভাৱিক ছন্দলৈ উভতি অহা চেন্নাই ছুপাৰ কিংছে ইউ এ ইতো সুন্দৰ প্রদর্শনৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব। উদীয়মান তাৰকা ৰিতুৰাজ গাইকোৱাড, ছেম কৰণে চমকপ্রদ প্রদর্শনেৰে চি এছ কেৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল। ইমৰান তাহিৰ, মঈন আলী আৰু ৰবিন্দ্র জাদেজায়ো অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। দ্বিতীয় লীগত চেন্নাই ছুপাৰ কিংছে অধিনায়ক মহেন্দ্র সিং ধোনী আৰু তাৰকা বেটছমেন সুৰেশ ৰাইনাৰ চমকপ্রদ বেটিং আশা কৰিছে।

মন কৰিবলগীয়া যে ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ দ্বিতীয় লেগত মুঠ ৩১খন মেচ খেলোৱা হ’ব। অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি বিশ্বৰ প্রতিগৰাকী খেলুৱৈৰ বাবে এইবাৰৰ আই পি এল গুৰুত্বপূর্ণ বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...

আগৰকাৰৰ পিছত কোন? নিৰ্বাচক পদক লৈ চৰ্চাৰ মাজতে শ্ৰীকান্তৰ মন্তব্য

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য...