তিতাবৰত উদ্বোধন হ’ল ৰাজ্যৰ প্ৰথমটো সূতা বেংক

বছৰি ৫ লাখ থলুৱা গামোচা উৎপাদনৰ লক্ষ্য
২০ হাজাৰ আত্মসহায়ক গোটে উৎপাদন কৰিব থলুৱা গামোচা

এটা সুখবৰ। তিতাবৰত উদ্বোধন কৰা হ’ল ৰাজ্যৰ প্ৰথমটো সূতা বেংক। উদ্বোধন কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী ৰনোজ পেগুৱে। তিতাবৰৰ ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত নিৰ্মাণ কৰা এই সূতা বেংকটোৰ দ্বাৰা শিপিনী সকলক স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে সোমবাৰে মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিক ভাৱে মুকলি কৰে সূতা বেংকটো। উল্লেখ্য যে এই সূতা বেংকৰ জৰিয়তে বছৰি প্ৰায় ৫ লাখ থলুৱা গামোচা উৎপাদন কৰি উলিওয়াৰ লক্ষ্য আগত ৰাখিছে পৰিষদে। পৰিষদৰ অধীনস্থ ২০ হাজাৰ আত্মসহায়ক গোটৰ জৰিয়তে উৎপাদন কৰা হব থলুৱা গামোচা সমূহ। সূতা বেংকটোৰ জৰিয়তে শিপিনী সকলৰ বাবে স্বাৱলম্বীতাৰ পথ মুকলি কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদ চন্দ্ৰ কছাৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...