গৱেষণা পত্র ‘কল্পতৰু’ আৰু উত্তৰ-পূৱ গ্লোবেল ৰিচাৰ্ছ নেটৱৰ্ক মুকলি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধীনস্থ চেন্টাৰ ফৰ্ নৰ্থ ইষ্ট ষ্টাডিচে গুৱাহাটীস্থ কাৰ্যালয়ৰ এক অনুষ্ঠানত ‘কল্পতৰু’ নামৰ গৱেষণা পত্ৰখন (ডাইগেষ্ট) মুকলি কৰে। লগতে বিশ্বব্যাপি উত্তৰ-পূৱ ভাৰতৰ এক গ্লোবেল ৰিচাৰ্ছ নেটৱৰ্ক স্থাপন কৰা হয়। অনুষ্ঠানটোত কেন্দ্ৰটোৰ মুৰব্বী অধ্যাপক ড৹ সঞ্জীৱ গোস্বামীয়ে নতুনকৈ স্থাপন কৰা গৱেষণা কেন্দ্ৰটিৰ বিষয়ে এক বিতং উপস্থাপনা দাঙি ধৰে।

২০২১ চনৰ জানুৱাৰী মাহত স্থাপন হোৱা এই কেন্দ্ৰটোৰ জৰিয়তে উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন বিষয়ত গৱেষণাৰ কাম হাতত লোৱা হৈছে। অসম তথা ভাৰতবৰ্ষত এই ধৰণৰ গৱেষণা কেন্দ্ৰৰ সংখ্যা একেবাৰেই তাকৰ। ফলত এই অঞ্চলৰ গৱেষণা সমূহে বিশ্বৰ মানদণ্ডত নিবলৈ কিছু অসুবিধাৰ সন্মুখীন হ’ব লগা হয়। বিশেষকৈ উপনিবেশবাদ আৰু ইয়াৰ প্ৰভাৱৰ ওপৰত এই কেন্দ্ৰটোৱে অধিক গুৰুত্ব প্ৰদান কৰিব। লগতে জনজাতীয় বিষয়সমূহ আৰু উত্তৰ-পূৱ ভাৰতৰ সমন্বয়ৰ আৰু প্ৰাক্ ঔপনিৱেশিক সময়ৰ বিষয় সমূহে বিশেষ গুৰুত্ব পাব। সেই হিচাপে ইয়াত ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান, সংস্কৃতি, লোক সংস্কৃতি আৰু নৃতাত্বিক বিষয় সমূহ সাঙুৰি আলপতে পি এইচ ডি ডিগ্ৰীৰো নামভৰ্তি প্ৰক্ৰিয়া হৈ যায়।

সেইহে গৱেষণাৰ কাম বিশ্বব্যাপি কৰিবলৈ কল্পতৰু নামৰ এই গৱেষণা পত্রখন প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আনুষ্ঠানিক ভাৱে বিশ্বৰ বিভিন্ন গৱেষকলৈ অনলাইনৰ জৰিয়তে মুকলি কৰি প্ৰেৰণ কৰে। এই মাহেকীয়া  গৱেষণাপত্র খনত বিশ্ব বিখ্যাত গৱেষক সকলে উত্তৰ-পূৱ ভাৰতৰ বিষয়ে লিখা গৱেষণা সমূহে স্থান পাব। 

লগতে চেন্টাৰটোৱে নতুনকৈ স্থাপন কৰা গ্লোবেল ৰিচাৰ্ছ নেটৱৰ্কৰো ঘোষণা কৰে। এই ৰিচাৰ্ছ নেটৱৰ্কত ইতিমধ্যেই উত্তৰ-পূৱ ভাৰতৰ লগত সম্পৰ্ক থকা ভাৰত, অষ্ট্ৰেলিয়া, আমেৰিকা আৰু ফ্ৰান্সৰ বিভিন্নজন গৱেষকে যোগদান কৰিছে। উল্লেখযোগ্য যে, এই ধৰণৰ উত্তৰ-পূৱ ভাৰতৰ আঞ্চলিক গৱেষণা ভিত্তিক নেটৱৰ্ক এইটোৱে প্ৰথম।

সভাত বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক সকলৰ লগতে বিশ্ববিদ্যালয়ৰ সকলো প্ৰবক্তাই অংশ লয়। লগতে আমন্ত্ৰিত নেতৃস্থানীয় বিভিন্ন জন যেনে অসমৰ প্ৰক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, শিক্ষাবিদ প্ৰণতি তালুকদাৰ, সাংবাদিক মৃণাল তালুকদাৰ, আৰু অধ্যক্ষ ধৰ্মেন্দ্ৰ নাথে বহুমূলীয়া দিহা-পৰামৰ্শ আৰু উপদেশ আগবঢ়ায়। সভাৰ অন্তত অনুষ্ঠানটোত ড৹ পল্লৱী দত্তই শলাগৰ শৰাই আগবঢ়ায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...