ৰাজ্যৰ ২৬খন পলিটেকনিক প্ৰতিষ্ঠানৰ লেখা সমৃদ্ধ E-magazine উন্মোচন

বহুদিনীয়া আশা আৰু বিভিন্নজনৰ অশেষ প্ৰচেষ্টাৰ অন্তত অসমৰ বিভিন্ন প্ৰান্তত অৱস্থিত ২৬খন পলিটেকনিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লেখা সমৃদ্ধ সদৌ অসম পলিটেকনিক্ ছাত্ৰ একতা সভাৰ দ্বাৰা প্ৰকাশিত আৰু ধ্ৰুৱজ্যোতি বৰুৱাৰ দ্বাৰা সম্পাদিত প্ৰথম সংখ্যক বৈদ্যুতিন আলোচনী “টেক্‌ন’ক্ৰেট” মংগলবাৰে সন্ধ্যা ৮:৩০ বজাত অনলাইন মাধ্যম গুগ’ল মিটৰ দ্বাৰা উন্মোচন কৰা হয়। সভাখনৰ আঁত ধৰে প্ৰকাশক মণ্ডলীৰ সভাপতি মইনুল আহমেদে। সভাখনত উপস্থিত থাকে সদৌ অসম পলিটেকনিক ছাত্ৰ একতা সভাৰ কেন্দ্ৰীয় সমিতি, প্ৰকাশক মণ্ডলী আৰু লগতে উপস্থিত থাকে সদৌ অসম পলিটেকনিক ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মহোদয় আৰু তেখেতে এই বৈদ্যুতিন আলোচনীখন উন্মোচন কৰে আৰু আলোচনীখনৰ উন্মোচনী ভাষণত কয় যে – আলোচনীখনে পলিটেক্‌নিকৰ ছাত্ৰ সমাজৰ প্ৰতিভা বিকাশ কৰা আৰু সামাজিক ,বৌদ্ধিক, গুণগত মান নিৰ্ণয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। লগতে তেখেতে কয় যে এজন ভাল লেখক বা লেখিকাৰ প্ৰথম খোজ এই ছাত্ৰ জীৱনৰ পৰাই আৰম্ভ হয়। তেখেতে উন্মোচনী সভাত উপস্থিত থকা সকলো ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জনোৱাৰ লগতে সম্পাদনা সমিতিৰ সভাপতি, সম্পাদক – সম্পাদিকা, সদস্যসকলৰ লগতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিসকল ব্যক্তি জড়িত আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

370 COMMENTS

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...