একেদিনাই পেৰালিম্পিকত ৩টাকৈ পদক ভাৰতৰ


পেৰালিম্পিকত উজলিল ভাৰতীয় খেলুৱৈ
একেদিনাই ৩টাকৈ পদক লাভ ভাৰতৰ
ভাৰতৰ পদক তালিকাত ২টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক

২৪ আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা টকিঅ পেৰালিম্পিকত দেওবাৰে ভাৰতৰ পদক জয়ৰ যাত্ৰা আৰম্ভনি হয়। পুৱাই টকিঅ’ত অনুষ্ঠিত মহিলা টেবুল টেনিছৰ Class 4 ফাইনেলত বিশ্বৰ শীৰ্ষত থকা চীনা টেবুল টেনিছ খেলুৱৈ য়িং ঝৌৰ হাতত ০-৩ ব্যৱধানত পৰাজিত হোৱাৰ পিছত ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয় ভাৱিনা পেটেলে। পেৰালিম্পিকত পদক অৰ্জন কৰা ভাৱিনা পেটেল দ্বিতীয় গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে ভাৰতীয় পেৰালিম্পিক কমিটিৰ বৰ্তমানৰ সভাপতি দীপা মালিকে পেৰালিম্পিকত পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আনহাতে,

হাই জাম্পত T46/47 কেটেগৰীত নিশাদ কুমাৰৰ ৰূপৰ পদক অৰ্জন

নিশাদ কুমাৰে হাই জাম্পৰ ফাইনেলত ২.০৬ মিটাৰ জাম্পৰ সৈতে নিজৰ এছিয়ান ৰেকৰ্ড ভংগ কৰে। এই ইভেণ্টতে আমেৰিকাৰ ৰোডেৰিক টাউনচেণ্ডে ২.১৫ মিটাৰ জঁপিয়াই সোণৰ পদক জয় কৰি এক নতুন বিশ্ব অভিলেখ গঢ়ে। পেৰালিম্পিকত আজিৰ দিনটোৰ শেষৰ ফালে

ডিচকাছ থ্ৰোত ব্ৰঞ্জৰ পদক লাভ কৰে বিনোদ কুমাৰে

বিনোদে ১৯.৯১ মিটাৰ থ্ৰোৰে এটি নতুন অভিলেখো গঢ়ে। আনহাতে, স্বৰ্ণজয়ী পোলেণ্ডৰ পিওট্ৰ কোচেৱিজে ২০.০২ মিটাৰ, ক্ৰোৱেছিয়াৰ ভেলিমিৰ চেণ্ডোৰে ১৯.৯৮ মিটাৰ থ্ৰোৰে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...

অসমৰ বিদ্যালয়ত প্ৰয়োগ হ’ব কৃত্ৰিম বুদ্ধিমত্তা: ৬টা প্ৰতিষ্ঠান আৰু IIT মাদ্ৰাজৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি

অসমৰ শিক্ষাখণ্ডত কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ...

সলনি হ’ব নেকি বিশ্ব মানচিত্ৰ? আফ্ৰিকাৰ প্ৰকৃত আকাৰ স্পষ্ট কৰিবলৈ বিশ্ব মানচিত্ৰ সলনিৰ পোষকতা UN-ৰ

বিশ্বৰ পৰম্পৰাগত মানচিত্ৰত আফ্ৰিকা মহাদেশৰ প্ৰকৃত আকাৰ সঠিকভাৱে প্ৰতিফলিত...