তালিবানক সমৰ্থন : আৰক্ষীৰ জালত ৱেব পৰ্টেলৰ ‘তথাকথিত’ সাংবাদিক

তালিবানৰ সমৰ্থনত ফেচবুকত পোষ্ট দি বাক্সাৰ শালবাৰীত গ্ৰেপ্তাৰ এজন। গ্ৰেপ্তাৰ ৰফিকুল ইছলাম নামৰ ৱেব পৰ্টেলৰ ‘তথাকথিত’ সাংবাদিকজন। তিনিটাকৈ ৱেব পৰ্টেলত কৰ্মৰত ধৃত ৰফিকুল ইছলাম। এখন ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষকতাও কৰে ৰফিকুল ইছলামে। গোৱৰ্ধনা থানাত 168/21 নম্বৰত গোচৰ ৰুজু কৰি 66 IT Actৰ অধীনত 120B/153A/A1A/153B(1A/1C)/298/505(1B/1C)/505(2)/39(1B) ধাৰাত গ্ৰেপ্তাৰ ৰফিকুলক৷

ইয়াৰ পূৰ্বেও এনেধৰণৰ সমসাময়িক বিতৰ্কিত মন্তব্য ছ’চিয়েল মিডিয়াত দিয়াৰ তথ্য লাভ কৰিছে বাক্সা আৰক্ষীয়ে ৷ অৱশ্যে যুৱক গৰাকীয়ে দিয়া বিতৰ্কিত মন্তব্য সন্দৰ্ভত তদন্তৰ খাতিৰত সদৰি কৰা নাই আৰক্ষীয়ে। শান্তি-সম্প্ৰীতি অটুট থকা বাক্সা জিলাত অশান্তি বিয়পাব বিচৰা যিকোনো লোককে বাক্সা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বুলি মন্তব্য কৰে আৰক্ষী বিষয়া গৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...