কি হ’ব আফগানিস্তানৰ ভৱিষ্যৎ? তালিবানৰ বিৰুদ্ধে একত্ৰিত হ’ব নে বিশ্ব?

কি হ’ব সাধাৰণ আফগানিস্তানবাসীৰ ভৱিষৎ? দুই দশকৰ মূৰত পুনৰবাৰ আফগানিস্তান দখল কৰাৰ পিছত এতিয়া সমগ্ৰ আফগানিস্তানতে আৰম্ভ হৈছে তালিবানৰাজ। চৌদিশে আতংক, অনিশ্চয়তা। আফগানিস্তানত থকা বিদেশী নাগৰিকসকলৰ লগতে তালিবানক বিশ্বাসত ল’ব পৰা নাই সাধাৰণ আফগান নাগৰিকসকলে। উকা হৈ পৰিছে ৰাজধানী কাবুলৰ ৰাজপথ। গুলী-বাৰুদৰ শব্দৰ মাজতে প্ৰাণ ৰক্ষাৰ বাবে সাধাৰণ আফগান নাগৰিকে কেৱল দৌৰিছে ইফালৰ পৰা সিফাললৈ। তালিবান বাহিনীয়ে এসপ্তাহ পূৰ্বে কান্দাহাৰ দখল কৰাৰ পিছতে আতংকিত হৈ পৰিছিল সাধাৰণ নাগৰিক। তেতিয়াৰে পৰাই আৰম্ভ হৈছিল দেশ ত্যাগৰ প্ৰক্ৰিয়া। দেওবাৰে নিশা তালিবানে কাবুল দখল কৰাৰ পিছত অধিক শংকিত হৈ পৰে দেশখনৰ নাগৰিক। তালিবানৰ ৰোষত পৰাৰ পূৰ্বে দেশ এৰিবলৈ তৎপৰ হৈ পৰে সাধাৰণ আফগান নাগৰিকসকল। নিশাৰ ভিতৰতে হেজাৰ হেজাৰ লোকে ঢাপলি মেলে কাবুল বিমানকোঠলৈ। যিকোনো উপায়ে যিকোনো এখন বিমানত উঠি দেশ এৰিবলৈ সাজু তেওঁলোক। কিন্তু বিমানকোঠতো তেওঁলোকৰ বাবে অপেক্ষা কৰি আছিল আন এক আশ্চৰ্যই। বিমানৰ ভিতৰতটো দূৰৰে কথা, বিমানকোঠ চৌহদতো নাছিল ভৰি থোৱাৰ ঠাই। দেশতে আজি সুৰক্ষিত নহয় আফগান নাগৰিক। তালিবানৰ হাতত প্ৰাণ দিয়াতকৈ এক অনিশ্চিত আৰু অসুৰক্ষিত ভৱিষ্যত লৈ দেশ এৰাই এতিয়া তেওঁলোকৰ বাবে একমাত্ৰ বিকল্প। কেৱল আফগান নাগৰিকেই নহয়, ভাৰতকে ধৰি আন কেবাখনো ৰাষ্ট্ৰই নিজৰ নাগৰিকসকলক ওভতাই নিয়ে। কাবুল বিমানকোঠত সোমবাৰে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত বন্ধ কৰি দিয়া হৈছিল বিমানকোঠটো। সাময়িকভাৱে সোমবাৰে স্থগিত ৰখা হৈছিল বিমানৰ উৰণ। মঙলবাৰে পুৱাৰে পৰা বিমান চলাচল পুনৰ আৰম্ভ হোৱাত কমেও ১৪০ ভাৰতীয় নাগৰিকক লৈ গুজৰাটৰ জামনগৰত অৱতৰণ কৰে এখন বিশেষ বিমান। আন দেশসমূহেও নিজ দেশৰ নাগৰিকসকলক আফগানিস্তানৰ পৰা ওভতাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...