গৃহীত হ’ল Assam Tenancy Bill 2021

১৫ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ আজি অন্তিমটো দিন। আজি দুয়ো বেলা অনুষ্ঠিত হৈছে সদন। আবেলি ২ বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয় কাৰ্যসূচী। আজি সদনত পশুধন সুৰক্ষা বিধেয়ক উত্থাপন হয়। পশুধন বিধেয়কক লৈ বিৰোধীয়ে ৭৬টা সংশোধনী প্ৰস্তাৱ আনে। ‘দ্য আসাম কেটেল প্ৰিজাৰ্ভেশ্বন বিল ২০২১’ সদনত প্ৰস্তাৱ কৰে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে জনসংখ্যা নীতি,আন্তৰাজ্যিক সীমা বিবাদ আৰু চৰ-চাপৰিৰ সমস্যাক লৈ মুখ্যমন্ত্ৰীয়ে পৃথকে পৃথকে বিবৃতি দিছে সদনত। আনহাতে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হৈছে বিধানসভাত। ইতিমধ্যে কেইবাখনো বিধেয়ক গৃহীত কৰা হৈছে। পুৱাৰ ভাগতে কেবাখনো বিধেয়ক গৃহীত হৈছে বিধানসভাত। ইয়াৰ ভিতৰত দ্যা আসাম এমপ্লইজ পেৰেন্ট ৰেচপনচিবিলিটি এণ্ড নৰমছ ফৰ একাউন্টিবিলিটি এণ্ড মনিটৰিং (এমেণ্ডমেন্ট) বিল, দ্যা ৰেজিষ্ট্ৰেশ্বন (আসাম এমেণ্ডমেন্ট) বিল, দ্যা আসাম প্ৰফেশ্বনচ,ট্ৰেডচ,কোলিং এণ্ড এমপ্লইমেন্টছ টেক্সেশ্যন (এমেণ্ডমেন্ট) বিল, দ্যা আসাম টেনেনচি বিল। দ্যা আসাম মিউনিচিপাল (ছেকেণ্ড এমেজমেন্ট) বিলকে ধৰি দ্যা মাজুলী ইউনিভাৰচিটি অফ কালচাৰ (এমেণ্ডমেন্ট) বিল ইতিমধ্যে গৃহীত হৈছে বিধানসভাত। দ্যা আসাম টেননচি বিধেয়কখন হৈছে ঘৰ ভাড়া সম্পৰ্কীয় বিল। কেন্দ্ৰই ইতিমধ্যে এই বিল আনিছে সংসদত। এই বিল অনা অসম হৈছে প্ৰথমখন ৰাজ্য। আনহাতে বিধানসভাত দ্যা মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ এমেণ্ডমেন্ট বিলৰ ওপৰত আলোচনা হয় সদনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...