নীৰজ চোপ্ৰাৰ প্ৰেমত এগৰাকী ৰোমানিয়ান জিমনাষ্ট!

নীৰজ চোপ্ৰাৰ প্ৰেমত এগৰাকী ৰোমানিয়ান জিমনাষ্ট!

এসময়ত বিশ্বৰ ক্ৰীড়ানুৰাগীৰ CRUSH আছিল জিমনাষ্ট গৰাকী

পিছে এইবাৰ জিমনাষ্ট গৰাকীৰ CRUSH হৈ পৰিছে নীৰজ চোপ্ৰা

সূদীৰ্ঘ ১৩ বছৰৰ পাছত অলিম্পিকত ভাৰতে অৰ্জন কৰিলে এটা স্বৰ্ণ পদক। কেৱল স্বৰ্ণ পদকেই নহয়। এইবাৰৰ অলিম্পিকত মুঠ ৭টা পদকেৰে ভাৰতে অলিম্পিকৰ ইতিহাসত সৰ্বাধিক পদক লাভ কৰি পূৰ্বৰ অভিলেখ ভংগ কৰিছে।  জেভলীন থ্ৰ’ত ২৩ বছৰীয়া নীৰজ চোপ্ৰাৰ স্বৰ্ণ পদকে কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰ ক্ৰীড়ানুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

পাঁচবাৰ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ৰোমানিয়ান জিমনাষ্ট নাদিয়া এলেনা কমেনেছীয়েও নীৰজ চোপ্ৰাৰ এই সফলতাক প্ৰশংসা কৰিছে। নাদিয়াই নীৰজক শুভেচ্ছা জনাই টুইটাৰত লিখিছে – অভিনন্দন নীৰজ! নাদিয়াই নীৰজৰ এই সফলতাত ইমানেই অধিক সুখী হৈছিল যে, এবাৰ নহয় দুবাৰকৈ ৰিটুইট কৰি শ্বেয়াৰ কৰিলে শুভেচ্ছাবাণী। এইখিনিতে হয়তো, নাদিয়া কমেনেছীৰ বিষয়ে দুআষাৰ নিলিখিলে প্ৰতিবেদনটো আধৰুৱা হ’ব।

কমেনেছী হৈছে বিশ্ব বিখ্যাত জিমনাষ্ট। কমেনেছীয়ে তেওঁৰ ক্ৰীড়া জীৱনত নটা অলিম্পিক পদক আৰু চাৰিটা বিশ্ব শৈল্পিক জিমনাষ্টিক চেম্পিয়নশ্বিপ পদক জয় কৰিছিল। দুবছৰ পূৰ্বে পশ্চিমবংগৰ দুটি শিশুয়ে স্কুলীয়া ড্ৰেছৰ সৈতে জিমনাষ্টিক শৈলী প্ৰদৰ্শন কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ভিডিঅ’টোৱে দেশৰ ক্ৰীড়াপ্ৰেমীৰ লগতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল নাদিয়াৰো। ভাৰতকলৈ পূৰ্বৰে পৰা উত্সুকতা আছে নাদিয়াৰ। শিশু দুটিয়ে প্ৰস্তুত কৰা অসাধাৰণ ভিডিঅ’টো নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰো কৰিছিল নাদিয়াই। ইয়াৰ পিছতে জিমনাষ্টিক কেৰিয়াৰ আগবঢ়াই নিয়াৰ বাবে ক্ৰীড়া বিভাগে দুয়োজনলৈ আগবঢ়াইছিল স্প’ৰ্টছ অথৰটি অব ইণ্ডিয়া চমুকৈ ছাইত প্ৰশিক্ষণ লোৱাৰ সুবিধা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...