বিয়াৰ প্ৰলোভনেৰে বহি:ৰাজ্যলৈ সৰবৰাহ অসমৰ কিশোৰী

গুৱাহাটী, ১০ আগষ্ট, NKTV: অসমত পুনৰ সক্ৰিয় হৈ উঠিছে নাৰী ব্যৱসায় চক্ৰ৷ নগাঁৱৰ কচুৱাত ৰাজস্থানৰ নাৰী ব্যৱসায় চক্ৰ আটকবিয়াৰ প্ৰলোভনেৰে অসমৰ পৰা বহি:ৰাজ্যলৈ সৰবৰাহ হয় বহু কিশোৰী যুৱতী৷ নগাঁৱৰ কচুৱাত ৰাইজৰ হাতত আটক হ’ল মহিলা সহ চাৰিজন নাৰী ব্যৱসায় চক্ৰৰ লগত জড়িত থকা ব্যক্তি৷ সুদুৰ ৰাজস্থানৰ পৰা আহি নাৰী ব্যৱসায় কৰা এটা কুখ্যাত চক্ৰক কচুৱাৰ পণ্ডিটঘাটৰ ৰাইজে আটক কৰি কচুৱা আৰক্ষীক চমজাই দিয়ে ৷ আটকাধীন নাৰী ব্যৱসায় চক্ৰৰ লোক কেইজন ক্ৰমে ৰাজস্থানৰ মুকেশ কুমাৰ, ৰাকেশ কুমাৰ, নগাঁৱৰ ৰাম বাবু আৰু ৰামধাৰী দেৱী বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে ৰাজস্থানৰ মুকেশ কুমাৰ আৰু ৰাকেশ কুমাৰে নগাঁৱৰ ৰামধাৰী দেৱী আৰু পূজাৰী ৰাম বাবুৰ সহযোগত কচুৱা পণ্ডিটঘাটৰ এটি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী চৈধ্য বছৰীয়া কিশোৰীক বিয়াৰ প্ৰলোভন দিয়ে৷ নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীক সোমবাৰে আনুষ্ঠানিকভাৱে বিয়া কৰাবলৈ আহিছিল যদিও সচেতন ৰাইজৰ জেৰাৰ ফলত চক্ৰটোৰ সকলো ৰহস্য ফাদিল হৈ পৰে৷ যোৱা সপ্তাহত নাৰী ব্যৱসায়ী চক্ৰটোয়ে ছাত্ৰী গৰাকীৰ পিতৃক বিয়াৰ বাবদ দহ হাজাৰ টকা দি গৈছিল৷ পূজাৰী ৰামবাবু আৰু মহিলা সৰবৰাহকাৰী ৰামধাৰী দেৱীক লগত লৈ দৰা ৰাজস্থানৰ মুকেশ কুমাৰৰ লগতে বন্ধু ৰাকেশ কুমাৰ সোমবাৰে কইনাৰ ঘৰত উপস্থিত হয়৷ নাবালিকা কইনাই কথাটো গম পাই স্থানীয় লোকক অৱগত কৰাত তৎক্ষণাত পণ্ডিটঘাট আৰু শিঙিমাৰীৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদকে ৰাইজৰ সহযোগত চক্ৰটোৰ এগৰাকী মহিলা সহ চাৰিজনক আটক কৰি আৰক্ষীক চমজাই দিয়ে ৷ কচুৱা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, চক্ৰটোৰ পৰা আৰক্ষীয়ে সেন্দুৰৰ টেমা, ফুলৰ মালা আদি উদ্ধাৰ কৰে৷ জানিব পৰা মতে ধৃত নাৰী ব্যৱসায় চক্ৰটোয়ে দীৰ্ঘদিন ধৰি দৰিদ্ৰ পৰিয়ালৰ কিশোৰী যুৱতীক বিয়াৰ প্ৰলোভন দি ৰমৰমীয়া ব্যৱসায় কৰি আহিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...