নীৰজ চোপ্ৰাৰ প্ৰশিক্ষকজনৰ বিষয়ে জানি আচৰিত হ’ব আপুনি!

ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰোৰ ফাইনেলত সোণৰ পদক জয়েৰে ইতিহাস সৃষ্টি কৰিছে। ৮৭.৫৮ মিটাৰ জেভলিন থ্ৰো কৰি নীৰজ চোপ্ৰাই অভিনৱ বিন্দ্ৰাৰ (২০০৮) পিছত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত ব্যক্তিগত স্বৰ্ণ পদক বিজয়ী হিচাপে পৰিগণিত হয়। আনহাতে নীৰজ চোপ্ৰাৰ এই জয়ৰ আঁৰত আছিল এজন বিদেশী ব্যক্তি। প্ৰশিক্ষক উৱে হোনৰ তত্বাৱধানত নীৰজে নিজকে পৰিপক্ক কৰি গঢ়ি তুলিছিল।

উৱে হোন কোন?
নীৰজ চোপ্ৰাৰ প্ৰশিক্ষক উৱে হোন এজন অৱসৰপ্ৰাপ্ত জাৰ্মান ট্ৰেক এণ্ড ফিল্ড এথলীট যিয়ে জেভলিন থ্ৰোত প্ৰতিদ্বন্দিতা কৰিছিল। আনহাতে উৱে হোন হৈছে একমাত্ৰ এথলীট যিয়ে তেওঁৰ বিশ্ব ৰেকৰ্ড ১০৪.৮০ মিটাৰৰ সৈতে ১০০ মিটাৰ বা ততোধিক বেগত জেভলিন দলিয়াইছিল। ১৯৮৬ চনত এটা নতুন জেভলিন ডিজাইন কাৰ্যকৰী হৈছিল আৰু এই ৰেকৰ্ডবোৰ পুনৰ আৰম্ভ কৰিব লগা হৈছিল, সেয়েহে, হোনৰ ১০৪.৮ মিটাৰ বিশ্ব ৰেকৰ্ডটো “চিৰন্তন বিশ্ব ৰেকৰ্ড” (Eternal world record) হৈ পৰিছিল।

উৱে হোনৰ বয়স:
১৯৬২ চনৰ ১৬ জুলাইত জন্মগ্ৰহণ কৰা নীৰজ চোপ্ৰাৰ প্ৰশিক্ষক উৱে হোনৰ বয়স ৫৯ বছৰ।

উৱে হোন কোন দেশৰ?
নীৰজ চোপ্ৰাৰ প্ৰশিক্ষক উৱে হোন পূৱ জাৰ্মানীৰ।

উৱে হোনৰ ব্যক্তিগত জীৱন:
নীৰজ চোপ্ৰাৰ প্ৰশিক্ষক উৱে হোন ১৯৮৩ চনত বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁৰ দুটা সন্তান আছে।

উৱে হোন ৱৰ্ল্ড ৰেকৰ্ড (১০৪.৮ মিঃ):
ফ্ৰিডৰিখ-লুডৱিগ-জাহন-স্পোৰ্টপাৰত অলিম্পিক দিৱসৰ এথলেটিকছ প্ৰতিযোগিতাত ১৯৮৪ চনৰ ২০ জুলাইত ট্ৰেক এণ্ড ফিল্ড এথলীট উৱে হোন, ১০৪.৮ মিটাৰ (৩৪৩ ফুট ৯+৩/৪ ইঞ্চি) দূৰত্বত জেভলিন দলিয়াইছিল। হোনৰ এই থ্ৰোয়ে ১৯৮৩ চনৰ মে’ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ টম পেট্ৰানফৰ দ্বাৰা স্থাপিত ৯৯.৭২ মিটাৰ পূৰ্বৰ বিশ্ব অভিলেখ ভংগ কৰিছিল।

প্ৰশিক্ষক হিচাপে উৱে হোন:
নীৰজ চোপ্ৰাৰ প্ৰশিক্ষক উৱে হোনে ১৯৯৯ চনত তেওঁৰ প্ৰশিক্ষণ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু চীনৰ ৰাষ্ট্ৰীয় চেম্পিয়ন ঝাও কিংগাং আৰু টকিঅ’ অলিম্পিক ২০২০ত ভাৰতীয় স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাক প্ৰশিক্ষণ দিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...