ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক হত্যাৰ অপচেষ্টা চলাই আটক তিনিজন যুৱক

গুৱাহাটী,৭ আগষ্ট, NKTV:  বৃহস্পতিবাৰে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত হত্যাকে ধৰি ভিন্ন অপৰাধৰ অভিযোগত আটক হ’ল তিনিজন যুৱক। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক হত্যাৰ অপচেষ্টা কৰাৰ লগতে চিকিয়ৰিটি কাৰ্ডণ ভঙাৰ অভিযোগত যুৱক কেইজনক আটক কৰিলে আৰক্ষীয়ে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীজনে আবেলি নিজৰ বাসগৃহৰ ওচৰত খোজ কাঢ়ি থকা অৱস্থাতেই এই ঘটনা সংঘটিত হয়। আটকাধীন যুৱক তিনিজনে সংঘটিত কৰা এই ঘটনাৰ ফলত দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মুখ্যমন্ত্ৰীজনৰ প্ৰাণ। যদিও মুখ্যমন্ত্ৰীৰ এজন দেহৰক্ষী আঘাট প্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।
আটকাধীন যুৱক কেইজন ক্ৰমে শুভম সাহা(২৭), গাইৰিক ঘোষ(২৪) আৰু অমন সাহা(২৫) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। শুকুৰবাৰে স্থানীয় আদালতত তিনিও জন অপৰাধীকেই হাজিৰ কৰোৱা হৈছিল।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, আটকাধীন যুৱক কেইজনে নিজৰ বাহনেৰে মুখ্যমন্ত্ৰীজনৰ চিকিয়ৰিটি কাৰ্ডণ ভাঙি তেওঁক হত্যা কৰাৰ অপচেষ্টা চলাইছিল। এই আক্ৰমণৰ পৰা কোনোমতে হাত সাৰিবলৈ সক্ষম হৈছিল মুখ্যমন্ত্ৰীজন। উল্লেখযোগ্য যে এই ঘটনা সংঘটিত হোৱাৰ আধা ঘণ্টাৰ ভিতৰতেই আৰক্ষীয়ে অপৰাধী কেইজনক আটক কৰিছিল। যুৱক তিনিজনৰ বিৰুদ্ধে ধাৰা ৩৫৩, ধাৰা ২৯৭, ধাৰা ৩৩২ আৰু ধাৰা ৩০৭ ওপৰত ভিত্তি কৰি গোচৰ ৰুজু কৰা হৈছে। মুখ্যমন্ত্ৰীৰ দেহৰক্ষীয়ে প্ৰদান কৰা সংকেত ভংগ কৰাৰ উপৰিও আৰক্ষীকো বাহনেৰে খুণ্ডিয়াইছিল অপৰাধী কেইজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...