ইন্দিৰা গান্ধীৰ ৰূপত লাৰা দত্ত

ইন্দিৰা গান্ধীৰ চৰিত্ৰত লাৰা দত্ত

‘বেল বটম’ৰ ট্ৰেইলাৰকলৈ সৰ্বত্ৰে চৰ্চা

অচিৰেই ৰূপালী পৰ্দাত ইন্দিৰা গান্ধীৰ ৰূপত দেখা পোৱা যাব লাৰা দত্তক। অৱশ্যে, আশ্চৰ্যজনকভাৱে, এই চৰিত্ৰটোৰ বাবে লাৰাক কাষ্ট কৰাৰ কথা ভবা নাছিল পৰিচালক ৰণজিৎ এম তিৱাৰীয়ে। অভিনেতা অক্ষয় কুমাৰেহে এই চৰিত্ৰৰ বাবে নিৰ্বাচন কৰিছে লাৰাক। চলচ্চিত্ৰ নিৰ্মাতা জনে প্ৰকাশ কৰা অনুসৰি অভিনেত্ৰীগৰাকীয়ে ছেটত উপস্থিত হোৱাৰ পূৰ্বে বহুখিনি হোমৱৰ্ক কৰিব লগা হৈছিল। লাৰাৰ সহায়ৰ বাবে নিৰ্মাতাজনে বিবিচিৰ বহুকেইটা ভিডিঅ’ৰ লগতে আৰু অন্যান্য ভিডিঅ’ ক্লিপো যোগান ধৰিছিল যাতে চৰিত্ৰটোৰ ভিতৰত সোমাবলৈ লাৰাৰ বিশেষ অসুবিধা নহয়।

ই-টাইমছৰ সৈতে শেহতীয়াকৈ হোৱা বাৰ্তালাপত, মেক-আপ শিল্পী বিক্ৰম গায়কৱাডে প্ৰকাশ কৰিছিল যে দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে লাৰাৰ ইন্দিৰা গান্ধী মেক-আপে প্ৰতিবাৰেই দুই-তিনিটা ট্ৰায়েল লৈছিল। তেওঁ বৰ্ণনা কৰিছিল, ইন্দিৰাজীৰ মুখৰ তিনিটা বিশেষ বৈশিষ্ট্য আছে। সেয়া হ’ল চেলাউৰি, নাক, মুখ আৰু চুলিৰ সুকীয়া ষ্টাইল।

‘বেল বটম’ৰ কাহিনীটো এখন বিমানৰ হাইজেক আৰু যাত্ৰীসকলক উদ্ধাৰ কৰাৰ এক গোপন অভিযানৰ ওপৰত আধাৰিত। ছবিখনত হুমা কুৰেছি আৰু বাণী কাপুৰেও বিশেষ চৰিত্ৰত অভিনয় কৰিছে।

Entertainment Desk, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কিশোৰ-কিশোৰীৰ বাবে ব্ৰিটেইন চৰকাৰৰ কঠোৰ পদক্ষেপ: মাজনিশাৰ পৰা পুৱালৈ ছ’চিয়েল মিডিয়াত থাকিব ‘কাৰফিউ’

ডিজিটেল আসক্তি আৰু মানসিক স্বাস্থ্যৰ ক্ষতিৰ পৰা কিশোৰ-কিশোৰীসকলক সুৰক্ষিত...

২৪ ঘণ্টাৰ ভিতৰতে সিদ্ধান্ত সলনি ড’নাল্ড ট্ৰাম্পৰ: উপসাগৰীয় দেশসমূহৰ হেঁচাত বাতিল হ’ল হৰমুজ প্ৰণালীৰ ২০% শুল্ক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁৰ এক নাটকীয় সিদ্ধান্তৰ...

ফিফা বিশ্বকাপ ২০২৬: একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত আৰ্জেণ্টিনা; অনুৰাগীলৈ আৱেগিক বাৰ্তা লিয়নেল মেছিৰ

ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই পুনৰ এবাৰ ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ...