আজিৰ পৰা কোন ৰাজ্যত পুনৰ খোলা হৈছে শিক্ষা প্ৰতিষ্ঠান সমূহ?

গুৱাহাটী, ১৫ জুলাই, NKTV: গুজৰাটত আজিৰে ৫০% ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সৈতে দ্বাদশ শ্ৰেণী আৰু মহাবিদ্যালয়সমূহ পুনৰ খোলা হ’ব। আজিৰে পৰা গুজৰাটত আৰম্ভ হ’বলগীয়া ক্লাছ সম্পৰ্কে যোৱা সপ্তাহত এটা চৰকাৰী বিজ্ঞপ্তিৰ পৰা জানিব পৰা মতে ছাত্ৰ-ছাত্ৰীসকলে শাৰীৰিকভাৱে শ্ৰেণী কোঠাত উপস্থিত থাকিটো বাধ্যতামূলক নহয় লগতে শিক্ষানুষ্ঠানসমূহৰ কৰ্তৃপক্ষইসকলে ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাত ব্যক্তিগতভাৱে উপস্থিত থাকিব নে নাথাকে এই সম্পৰ্কে অভিভাৱসকলৰ পৰা অনুমতি লব লাগিব বুলি উল্লেখ কৰা হৈছিল।
বৃহস্পতিবাৰৰ পৰা গুজৰাটত দ্বাদশ শ্ৰেণী, মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ বিদ্যালয়সমূহ পুনৰ মুকলি হৈছে। সকলো ধৰণৰ ক’ভিড প্ৰট’কল মানি ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে ক্লাছসমূহ মুকলি কৰা হ’ব।
উল্লেখযোগ্য যে, চৰকাৰৰ মূল সমিতিৰ এক বৈঠকত গুজৰাটৰ ক’ভিড সম্পৰ্কীয় সামগ্ৰীক পৰিস্থিতিৰ ওপৰত কৰা পৰ্যালোচনাৰ পিছতেই গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানীয়ে চলিত মাহৰ ৯ জুলাইত তাৰিখে গুজৰাটত দ্বাদশ শ্ৰেণী, মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ বিদ্যালয়সমূহ পুনৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
চৰকাৰে ৮ জুলাই তাৰিখে গ্ৰহণ কৰা বিশেষ সিদ্ধান্তৰ পিছত গুজৰাটৰ ১৮ খন নগৰৰ ভিতৰত ১০ টা অঞ্চলত নিশাৰ কাৰ্ফিউ প্ৰত্যাহাৰ কৰিছিল আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সৈতে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমলৈ প্ৰশিক্ষণ শ্ৰেণীবোৰ পুনৰ আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...