আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতালৈ বোকাখাতৰ সন্তান

গুৱাহাটী, ১৪ জুলাই, NKTV: প’লেণ্ডত অনুষ্ঠিত হ’বলগীয়া WORLD YOUTH ARCHERY CHAMPIONSHIPলৈ নিৰ্বাচিত বোকাখাতৰ বিশাল চাংমাই। বোকাখাতৰ বিশালেই একমাত্ৰ আৰ্চাৰী খেলুৱৈ যি এই বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হৈছে। বোকাখাতৰ মিলনপুৰৰ শান্তনু চাংমাই আৰু মিন্টু চাংমাইৰ পুত্ৰ বিশাল বোকাখাত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ। উল্লেখ্য যে, ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে প’লেণ্ডত অনুস্থিত হ’ব এই প্ৰতিযোগিতা। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈয়ে বিশালে নিজেই আৰ্চাৰীৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা বুলি মন্তব্য কৰে উৎফুল্লিত পিতৃয়ে। সম্প্ৰতি হাৰিয়ানাত প্ৰশিক্ষণৰত বিশাল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...