অভিনয় জগত ত্যাগ কৰিলে ইমৰান খানে!

‘আই হেট লাভ ষ্টৰী’ৰ ইমৰান খানক মনত আছে নে? সেই যে সুন্দৰ, সুঠাম চেহেৰাৰ অভিনেতাজন… যিজন অভিনেতাই দুই-এখন ছবিৰ পিছতে বলীউডপ্ৰেমী সকলৰ হাৰ্টথ্ৰৱ হৈ পৰিছিল। আব্বাছ টায়াৰৱালাৰ Jaane Tu… Ya Jaane Naৰ দ্বাৰা ছবি জগতত প্ৰৱেশ কৰা অভিনেতা জন বহু বছৰ ধৰি বলীউডৰ পৰা নিলগত অৱস্থান কৰিছে। আই হেট লাভ ষ্ট’ৰীজ, দিল্লী বেলী, এক মই ঔৰ একটু আৰু মেৰে ব্ৰাদাৰ কি দুলহান ইত্যাদি ছবিৰে খুব কম সময়তে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকী। অৱশ্যে, তেওঁ কেৰিয়াৰৰ বেছিভাগ সময় সংগ্ৰামেৰে বাট বুলিবলগা হৈছিল।

অভিনেতাজনৰ অন্তিম খন ছবি আজিৰ পৰা ছয় বছৰ পূৰ্বে নিখিল আদৱানীৰ কাট্টি-বাট্টিত কংগনা ৰাণাৱটৰ বিপৰীতে আছিল। তাৰ পিছত, তেওঁক আৰু পুনৰ পৰ্দাত দেখা পোৱা নগ’ল। বিগত বৰ্ষৰ নৱেম্বৰত, তেওঁৰ বন্ধু তথা অভিনেতা অক্ষয় অবেৰয়ে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছিল যে অভিনেতাজনে অভিনয় ত্যাগ কৰিছে।

কাইলৈ দিল্লী বেলীৰ মুক্তিৰ ১০ বছৰ পূৰ্ণ হ’ব আৰু এই বিশেয ক্ষণত পৰিচালক অভিনয় দেওৱে কয় যে যেতিয়া তেওঁ ইমৰানৰ এই সিদ্ধান্তৰ বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁ দুখ অনুভৱ কৰিছিল। এক সাক্ষাতকাৰত পৰিচালক গৰাকীয়ে কয় যে, ইমৰান এজন ভাল ল’ৰা আৰু তেওঁ এই উদ্যোগত থাকিব লাগে। তেওঁ এজন প্ৰতিভাশালী ল’ৰা। তেওঁ এজন প্ৰশিক্ষিত চলচ্চিত্ৰ নিৰ্মাতা আৰু এজন লেখকো। মই অনুভৱ কৰোঁ যে, তেওঁ যিকোনো ৰূপত তেওঁৰ সৃষ্টিশীলতা প্ৰকাশ কৰিব লাগে। ইমৰানে মোৰ কেইখনমান চলচ্চিত্ৰ অস্বীকাৰ কৰিছিল কাৰণ তেওঁ কৈছিল যে তেওঁ অভিনয় জগতৰ পৰা শীঘ্ৰেই মেলানি মাগিব। অন্যথা তেওঁ চাৰি বছৰ আগতে মোৰ এখন চলচ্চিত্ৰৰ অংশ হ’লহেঁতেন।

প্ৰবল সম্ভাৱনাপূৰ্ণ অভিনেতা গৰাকীয়ে কিয় বলীউডৰ পৰা আঁতৰি আছে, সেই বিষয়ে অৱশ্যে আজিলৈকে ইমৰান খানে আনুষ্ঠানিকভাৱে কোনো কথা প্ৰকাশ কৰা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...