মাৰ্কশ্বিটখনক বৈধতা প্ৰদান কৰাৰ দাবী দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ

গুৱাহাটী, ২ জুলাই, NKTV: দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে মেট্রিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্রহণ কৰা সিদ্ধান্ত সমূহৰ বিৰোধিতা কৰি কয় যে, আমি বাৰম্বাৰ কৈ আহিছো- শিক্ষা বিভাগৰ কিছু ভুল নীতিৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে তীব্ৰ মানসিক চাপত ভুগিছে। আজি ভয়ানক কথাটো হৈছে- পৰীক্ষা বাতিল হোৱাৰ পাছত গ্ৰহণ কৰা সিদ্ধান্তটোৱে ছাত্র-ছাত্রী সকলক লাভান্বিত নকৰে। বৰঞ্চ ক্ষতিহে কৰিব। ফলাফল দিব-কিন্তু সেই ফলাফলৰ একো ভৱিষ্যত ফলাফল নহ’ব। অৰ্থাৎ ঘোষিত মাৰ্কশ্বিটে কোনো ফলাফল বা লাভালাভ নিদিব ছাত্ৰ-ছাত্ৰী সকলক। তেনেহ’লে- এনে ফলাফল ঘোষণা কৰা কাৰণ কি? কাৰণ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ মাৰ্কশ্বিটখন অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ। এই নম্বৰ সমূহে যিকোনো চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষা সমূহত বিশেষ ভূমিকা গ্ৰহণ কৰে। তেনেস্থলত ২০২১ বৰ্ষৰ দশম মান আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ফলাফলৰ নামত এখন উকা কাগজ দিয়া হ’ব কিয়? পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা মূল কাৰণ- নিৰ্বাচন। ৰাজ্যত বিধান সভা নিৰ্বাচনৰ স্বাৰ্থত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক কোনো গুৰুত্ব দিয়া নহ’ল। আনকি লখিমপুৰৰ এগৰাকী ছাত্ৰীয়েও শিক্ষা বিভাগৰ এনে নীতিৰ বাবে আত্মহত্যাৰ দৰে পথ বাচি লবলগীয়া হৈছিল। গতিকে শিক্ষা বিভাগ আৰু চৰকাৰলৈ আমাৰ দাবী ঘোষিত হ’বলগীয়া ফলাফলৰ ভিত্তিত প্ৰদান কৰিবলগীয়া মাৰ্কশ্বিটখনক বৈধতা প্ৰদান কৰক।যদিহে মাৰ্কশ্বিটৰ নম্বৰৰ কোনো মান্যতা নাথাকে- তেনেহ’লে ফলাফলৰ নাটক কিয়? অনতিপলমে চৰকাৰ আৰু শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ এই দাবী তুলিছে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আপুনি বেলকনিতে কৰিব পৰা ৫টা খেতি

বাগিচাৰ কামক প্ৰায় সংখ্যকেই এনে এক চখ বুলি ভাবে...

‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে ৩টা মুখ্য লক্ষ্য সফলতাৰে অৰ্জন ভাৰতৰ

ভাৰত চৰকাৰৰ সূত্ৰৰ পৰা প্ৰকাশ পাইছে যে, পাকিস্তানত অৱস্থিত...

পৰকীয়া প্ৰেমিকৰ সৈতে মিলি মাতৃয়ে প্ৰাণ ল’লে শিশুৰ

মাতৃ দিৱসৰ দিনাই মহানগৰীত ভয়ংকৰ ঘটনা। পৰকীয়া প্ৰেমিকৰ সৈতে...

ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মোছ মিছাইলৰ সম্পৰ্ক

ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মস্কোভা নদীৰ নামেৰে নামাংকিত ভাৰতৰ দ্ৰুততম...