ইটালীত শিক্ষানুষ্ঠানত বোৰ্খা-নিকাব পৰিধানত নিষেধাজ্ঞা

ইটালীত শিক্ষানুষ্ঠানত বোৰ্খা আৰু নিকাবকে ধৰি মুখ ঢাকি ৰখা পোছাক পৰিধানত নিষেধাজ্ঞা আৰোপৰ সিদ্ধান্তত সংসদৰ চূড়ান্ত অনুমোদন। ২৬ নৱেম্বৰত দেশখনৰ প্ৰতিনিধি সদনে ১৪২টা ভোটেৰে বিধেয়কখন গৃহীত কৰে। ইয়াৰ পূৰ্বে ২০ নৱেম্বৰত ছিনেটেও অনুমোদন জনাইছিল।

নতুন আইন অনুসৰি, বিদ্যালয়ৰ শৈক্ষিক আৰু অতিৰিক্ত শৈক্ষিক কাৰ্যসূচীত মুখ চিনাক্ত কৰিব নোৱাৰাকৈ ঢাকি ৰখা পোছাক পৰিধান কৰিব নোৱাৰিব শিক্ষাৰ্থীয়ে। এই নিয়ম উলংঘা কৰিলে ১,০০০ ইউৰো পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। নাবালক শিক্ষাৰ্থীৰ ক্ষেত্ৰত অভিভাৱক বা আইনী অভিভাৱকে জৰিমনা ভৰিব লাগিব।

ইয়াৰ উপৰি, প্ৰথম বৰ্ষৰ শ্ৰেণীত বিদেশী মূলৰ শিক্ষাৰ্থীৰ সংখ্যা ৩০ শতাংশত সীমাবদ্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে। বিদেশী অভিভাৱকৰ বাবে ইটালীয় ভাষাৰ পাঠ্যক্ৰমৰো ব্যৱস্থা থাকিব।

প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিৰ চৰকাৰে উত্থাপন কৰা এই আইনক লৈ দেশখনৰ বিৰোধী দলসমূহে তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। তেওঁলোকৰ অভিযোগ, এই পদক্ষেপে বিদেশী পৰিয়াল আৰু মুছলমান শিক্ষাৰ্থীৰ প্ৰতি বৈষম্য বৃদ্ধি কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দৰাৰ পৰিয়ালে বিচাৰিলে লাখটকীয়া থাৰ, কইনাৰ পিতৃয়ে হাতত তুলি দিলে প্লাষ্টিকৰ গাড়ী

যৌতুকৰ নামত দৰাঘৰে দাবী কৰিলে লাখটকীয়া থাৰ! আৰু সেই...

ভূমিকম্পৰ জোকাৰণিত আকাশত কঁপিল বিমান, লছ এঞ্জেলছ বিমানবন্দৰত অৱতৰণ বাতিল কৰিলে ডেল্টা বিমানৰ পাইলটে

আমেৰিকাৰ কেলিফৰ্ণিয়াত ৫.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যোৱাৰ সময়তে লছ...

গুৱাহাটীৰ কুমাৰপাৰাৰ নয়নতৰাত চাঞ্চল্যকৰ ঘটনা; চুৰি কৰিবলৈ গৈ গৃহস্থক আক্ৰমণ চোৰৰ

গুৱাহাটীৰ কুমাৰপাৰাৰ নয়নতৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চুৰি...