প্ৰায় ৩৫ বছৰৰ মূৰত পুনৰ অসমলৈ উভতি আহিছে বেলজিয়ামত বসবাস কৰা অসমৰ জীয়ৰী। উদ্দেশ্য এটাই, নিজৰ জন্মদাত্ৰী পিতৃ-মাতৃক বিচাৰি উলিওৱা আৰু শৈশৱতে হেৰুওৱা পৰিয়ালৰ সৈতে পুনৰ সংযোগ স্থাপন কৰা।
জন্মসূত্ৰে গুৱাহাটীৰ বাসিন্দা চন্ধাই বৰ্তমান স্বামীৰ সৈতে মহানগৰীৰ বিভিন্ন প্ৰান্তত পিতৃ-মাতৃৰ সন্ধান চলাইছে। উজান বজাৰ আৰু খাৰঘুলিকে ধৰি বিভিন্ন অঞ্চলত ঘূৰি ফুৰিছে তেওঁলোক। চন্ধাৰ বিশ্বাস, গুৱাহাটীৰ কোনো এটা স্থানত তেওঁৰ জন্ম হৈছিল যদিও সঠিক ঠাইখনৰ বিষয়ে তেওঁৰ স্পষ্ট ধাৰণা নাই।

চন্ধাৰ জীৱনৰ এই সন্ধানৰ আৰম্ভণি হৈছিল প্ৰায় ৩৫ বছৰ পূৰ্বে। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ৬বছৰ। এটা সংগঠনৰ সহায়ত দত্তক প্ৰক্ৰিয়াৰে তেওঁক বেলজিয়ামলৈ লৈ যোৱা হৈছিল। তাতেই ডাঙৰ-দীঘল হোৱা চন্ধাই পৰৱৰ্তী সময়ত বিবাহপাশত আবদ্ধ হৈ বেলজিয়ামতে সংসাৰ আৰম্ভ কৰে।
কিন্তু শৈশৱৰ স্মৃতি আৰু জন্মদাতা পৰিয়ালৰ বিষয়ে জানিবলৈ থকা আগ্ৰহে তেওঁক পুনৰ অসমলৈ টানি আনিছে। প্ৰায় চাৰে তিনিটা দশকৰ পিছত স্বামীৰ সৈতে গুৱাহাটীত উপস্থিত হৈ পিতৃ-মাতৃৰ সন্ধান আৰম্ভ কৰিছে চন্ধাই।
এই সন্ধানৰ পথ অৱশ্যে সহজ হোৱা নাই। শৈশৱৰ বহু কথা মনত নথকাৰ লগতে জন্মদাতা পিতৃ-মাতৃৰ সম্পূৰ্ণ নামো তেওঁৰ জ্ঞাত নহয়। দত্তক গ্ৰহণৰ সময়ত লাভ কৰা নথি-পত্ৰত থকা সীমিত তথ্যৰ ভিত্তিতেই পৰিয়ালৰ সন্ধান চলাইছে তেওঁ।
ইতিমধ্যে চন্ধা আৰু তেওঁৰ স্বামীয়ে তেওঁ জন্ম হোৱা বুলি সন্দেহ কৰা চিকিৎসালয়খনৰ লগতে শিশু সুৰক্ষা বিভাগৰো কাষ চাপিছে। কিন্তু বৰ্তমানলৈকে পিতৃ-মাতৃৰ সন্ধানত কোনো নিশ্চিত তথ্য লাভ কৰা নাই।
ইফালে, গুৱাহাটীত উপস্থিত হোৱাৰ পিছৰে পৰা স্থানীয় লোকসকলে আগবঢ়োৱা সহায় আৰু সহযোগিতাই চন্ধাক উৎসাহিত কৰিছে। এতিয়া জন্মদাতা পৰিয়ালৰ সন্ধানত অসমৰ ৰাইজৰ সহায় বিচাৰিছে তেওঁ।
কোনো লোকে চন্ধাক চিনি পালে, তেওঁৰ পৰিয়ালৰ বিষয়ে জানিলে অথবা এই সন্ধানত সহায় কৰিব পৰা কোনো তথ্য থাকিলে তলত উল্লেখ কৰা যোগাযোগ নম্বৰ আৰু ই-মেইলযোগে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
যোগাযোগৰ ঠিকনা:
- ফোন: +32-478447956
- ই-মেইল: Chandha_Janssen@hotmail.com
৬বছৰ বয়সতে অসম এৰি যোৱা চন্ধাৰ বাবে এই উভতি অহা কেৱল এখন ঠাইলৈ ঘূৰি অহা নহয়। নিজৰ জন্ম, পৰিয়াল আৰু অতীতৰ সৈতে জড়িত বহু প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁ পুনৰ উপস্থিত হৈছে জন্মভূমিত। এতিয়া তেওঁৰ অপেক্ষা—কোনো এটা চিনাকি মুখ, এটা পৰিচয় অথবা এটা খবৰে হয়তো ৩৫ বছৰীয়া এই সন্ধানৰ অন্ত পেলাব।
