বৈধ নথি-পত্ৰ অবিহনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত এগৰাকী ৪৪ বছৰীয়া নাইজেৰিয়াৰ নাগৰিকক ১বছৰৰ কাৰাদণ্ড বিহিছে কাছাৰ জিলা আদালতে। দোষী সাব্যস্ত হোৱা ব্যক্তিগৰাকী হৈছে নাইজেৰিয়াৰ ৰিভাৰ্ছ ষ্টেটৰ ইণ্টেজা অঞ্চলৰ বাসিন্দা এমেকা ইজেডো।
শুকুৰবাৰে কাছাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশ (CJM) মতিলাল দাসৰ আদালতে এই ৰায় প্ৰদান কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, চলিত বৰ্ষৰ ২৫ মাৰ্চত শিলচৰৰ পাৰ্ক ৰোডৰ ডিআইজি বাংলো পইণ্টৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এমেকাক। এক গোপন সূত্ৰৰ পম খেদি এখন অটোৰিক্সাত তালাচী চলাই আৰক্ষীয়ে এমেকাৰ লগতে আন চাৰিগৰাকী ব্যক্তিক আটক কৰিছিল।
আটকাধীন আন চাৰিগৰাকী আছিল মিজোৰামৰ আইজলৰ কে. মালছামডুৱাংগী আৰু শিলচৰৰ ইটখোলা অঞ্চলৰ পিংকু হুছেইন বৰভূঞা, টিংকু হুছেইন বৰভূঞা তথা ৰোমিনা বেগম বৰভূঞা।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে এমেকাই শিলচৰৰ ঘানিয়ালা অঞ্চলৰ এটা ভাড়াঘৰত বাস কৰি আছিল। ভাৰতত প্ৰৱেশ আৰু বসবাসৰ বাবে প্ৰয়োজনীয় বৈধ নথি-পত্ৰ দেখুৱাব নোৱাৰাত তেওঁৰ বিৰুদ্ধে অবৈধ প্ৰৱেশৰ গোচৰ ৰুজু কৰা হয়।
ইফালে, নাইজেৰিয়াৰ নাগৰিকগৰাকীক আশ্ৰয় আৰু সহায়-সহযোগিতা আগবঢ়োৱাৰ অভিযোগত আন চাৰিগৰাকীৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰিছিল আৰক্ষীয়ে।
শুকুৰবাৰে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আদালতে এমেকাক পাছপ’ৰ্ট আইন, ১৯৬৭ৰ বিভিন্ন ধাৰাত দোষী সাব্যস্ত কৰি এবছৰৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা আদায় নিদিলে অতিৰিক্ত এমাহৰ কাৰাদণ্ড ভোগ কৰিব লাগিব।
ইয়াৰ উপৰি, ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ এক্ট, ২০২৫ৰ ২১নং ধাৰাৰ অধীনতো তেওঁক এবছৰৰ কাৰাদণ্ড বিহে। অৱশ্যে আদালতে দুয়োটা কাৰাদণ্ড একেলগে চলিব বুলি নিৰ্দেশ দিয়ে।
আনহাতে, অভিযোগ প্ৰমাণিত নোহোৱাৰ বাবে গোচৰটোৰ আন চাৰিগৰাকী অভিযুক্তক আদালতে নিৰ্দোষী সাব্যস্ত কৰি মুক্তি দিয়ে।
