ডিব্ৰুগড়ৰ মধুপুৰ নেপালী গাঁৱৰ এখন মিছনেৰী ইংৰাজী একাডেমীত সংঘটিত হৈছে ছাত্ৰক প্ৰহাৰৰ এক চাঞ্চল্যকৰ ঘটনা। বিদ্যালয়খনৰ এগৰাকী সহকাৰী শিক্ষকৰ বিৰুদ্ধে এগৰাকী ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অভিযোগ অনুসৰি, বিদ্যালয়খনৰ সহকাৰী শিক্ষক ডেভিদ পেগুৱে এগৰাকী ছাত্ৰক প্ৰহাৰ কৰে। শিক্ষকগৰাকীৰ প্ৰহাৰত ছাত্ৰজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত ছাত্ৰজনক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয়।
ঘটনাৰ পাছতে ছাত্ৰজনৰ পৰিয়ালৰ লোকে লেপেটকটা আৰক্ষী চকীত উপস্থিত হৈ শিক্ষকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইতিমধ্যে ঘটনাটোক কেন্দ্ৰ কৰি বিদ্যালয়খনৰ সমীপত স্থানীয় ৰাইজৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে।
আনহাতে, ছাত্ৰক প্ৰহাৰৰ অভিযোগ উত্থাপিত হোৱা সহকাৰী শিক্ষক ডেভিদ পেগু বৰ্তমান পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে। আন এক উল্লেখযোগ্য তথ্য অনুসৰি, ডেভিদ পেগু বিদ্যালয়খনৰ অধ্যক্ষ সঞ্জয় পেগুৰ নিজ ভাতৃ।
শিক্ষানুষ্ঠানৰ ভিতৰতে এগৰাকী শিক্ষকৰ বিৰুদ্ধে ছাত্ৰক প্ৰহাৰৰ এনে গুৰুতৰ অভিযোগ উত্থাপন হোৱা ঘটনাই স্বাভাৱিকতে অভিভাৱক আৰু স্থানীয় ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।
