প্ৰতিদিনে আহাৰ দিয়া ব্যক্তিৰ শেষযাত্ৰাত শ্মশান পৰ্যন্ত সংগ দি চৰ্চাত কালু; মৃত্যুৰ পিছতো প্ৰিয় মানুহজনৰ কাষে কাষে থাকি সকলোৰে হৃদয় জিনিলে বিশ্বস্ত কুকুৰ কালুৱে

মানুহ আৰু জীৱ-জন্তুৰ মাজৰ নিঃস্বাৰ্থ মৰম আৰু আনুগত্যৰ এক হৃদয়স্পৰ্শী ঘটনা পোহৰলৈ আহিছে মধ্যপ্ৰদেশৰ ছেহোৰ জিলাত। প্ৰতিদিনে আহাৰ খুৱাই থকা এজন ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ শেষযাত্ৰাত সংগ দি শ্মশান পৰ্যন্ত উপস্থিত হ’ল কালু নামৰ এটা পথৰ কুকুৰ। এই ঘটনাই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

জানিব পৰা মতে, ৭৫ বছৰীয়া মোহনলাল ৰাইকৱাৰ আছিল এগৰাকী অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী। তেওঁ প্ৰতিদিনে নিজৰ অঞ্চলৰ পথৰ কুকুৰ কালুক আহাৰ খুৱাইছিল। লাহে লাহে দুয়োৰে মাজত গঢ়ি উঠিছিল এক গভীৰ সম্পৰ্ক।

কিন্তু যোৱা সপ্তাহত মোহনলালৰ মৃত্যু হোৱাৰ পিছতো কালুৱে তেওঁৰ সংগ এৰিব নোৱাৰিলে। মালিকৰ শেষযাত্ৰাৰ সৈতে খোজ মিলাই শ্মশান পৰ্যন্ত যায় কুকুৰটো। আনকি শেষকৃত্য সম্পন্ন নোহোৱালৈকে ধৈৰ্যৰে তাতে অপেক্ষা কৰি থাকে।

ইয়াতে শেষ নহয় কালুৰ আনুগত্যৰ কাহিনী। শেষকৃত্যৰ পিছত অনুষ্ঠিত শোকসভাত প্ৰয়াত মোহনলালৰ স্মৃতিত উপস্থিত লোকসকলে দুই মিনিট মৌনতা অৱলম্বন কৰাৰ সময়ত কালুৱেও তেওঁলোকৰ সন্মুখত নীৰৱে বহি থাকে।

পৰৱৰ্তী সময়ত শোকসন্তপ্ত লোকসকল মোহনলালৰ ঘৰলৈ উভতি যোৱাৰ সময়তো কালুৱে তেওঁলোকৰ সংগ এৰা নাছিল। কিছু সময় ঘৰত থকাৰ পিছত নীৰৱে সেই স্থান ত্যাগ কৰে কুকুৰটোৱে।

মানুহ আৰু কুকুৰৰ মাজৰ এনে গভীৰ সম্পৰ্কৰ আন এক হৃদয়বিদাৰক ঘটনাও সংঘটিত হৈছিল মধ্যপ্ৰদেশৰ বেতুল জিলাত।

জুলাই মাহত ৬৭ বছৰীয়া প্ৰদীপ জৈনৰ ভূপালৰ AIIMS হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল। তেওঁৰ মৃতদেহ বেতুলস্থিত বাসগৃহলৈ অনাৰ পিছত ১৫ বছৰীয়া পোহনীয়া কুকুৰ ডুগ্গুৱে মালিকৰ কাষ এৰি যাবলৈ অস্বীকাৰ কৰিছিল।

পৰিয়ালৰ লোকসকলৰ মতে, মালিকৰ মৃতদেহ ঘৰলৈ অনাৰ পিছৰে পৰা ডুগ্গুক যথেষ্ট শোকাকুল দেখা গৈছিল। শেষযাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে পৰিয়ালৰ সদস্যসকলে কুকুৰটোক শেষবাৰৰ বাবে মালিকৰ কাষত বহিবলৈ দিয়ে। কেইবামিনিটমান নীৰৱে কাষত বহি থকাৰ পিছত সি পুনৰ ঘৰৰ ভিতৰলৈ উভতি যায়।

কিন্তু শেষযাত্ৰা আৰম্ভ হোৱাৰ লগে লগে ডুগ্গুৱেও মৃতদেহ কঢ়িয়াই নিয়া খাটিয়াখনৰ কাষে কাষে কিছু দূৰ খোজ কাঢ়ে। তাৰ পিছতে হঠাৎ মাটিত ঢলি পৰে কুকুৰটো আৰু মৃত্যুক আঁকোৱালি লয়।

পৰিয়ালৰ লোকসকলৰ বিশ্বাস, ১৫ বছৰ ধৰি প্ৰদীপ জৈনৰ সৈতে থকা বৃদ্ধ কুকুৰটোৱে মালিকৰ বিচ্ছেদৰ বেদনা সহ্য কৰিব নোৱাৰিলে।

দুটা পৃথক ঘটনাই পুনৰ এবাৰ সোঁৱৰাই দিলে যে মৰম, বিশ্বাস আৰু আনুগত্য কেৱল মানুহৰ মাজতে সীমাবদ্ধ নহয়। কেতিয়াবা অবুজ জীৱ-জন্তুৰ নিঃস্বাৰ্থ ভালপোৱাইও মানুহৰ হৃদয় গভীৰভাৱে স্পৰ্শ কৰি যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ সীমান্তত সন্তানক এৰি পলাইছে ভাৰতীয় পিতৃ-মাতৃ! ৪ বছৰত উদ্ধাৰ ১,৩৮৯ গৰাকী ভাৰতীয় শিশু

আমেৰিকাৰ নাগৰিকত্ব লাভৰ আশাত নিজৰ নাবালক সন্তানক বিপদৰ মুখলৈ...