নেপালত ৫.৬ প্ৰাবল্যৰ ভূমিকম্প! দাৰ্জিলিং, জলপাইগুৰি আৰু কোচবিহাৰতো অনুভূত হয় জোকাৰণি

মঙলবাৰে পুৱাই ভূমিকম্পৰ জোকাৰণিত কঁপি উঠিল পূব নেপাল। নেপালৰ কোশী প্ৰদেশৰ চীন সীমান্তৰ সমীপত সংঘটিত হয় ৫.৬ প্ৰাবল্যৰ ভূমিকম্প। ভূমিকম্পৰ ফলত অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হয়। অৱশ্যে বৰ্তমানলৈকে কোনো লোক হতাহত হোৱা অথবা সম্পত্তিৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।

নেপালৰ নেচনেল আৰ্থকুৱেক মনিটৰিং এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ তথ্য অনুসৰি, পুৱা ৭ বাজি ১৭ মিনিটত সংঘটিত হয় এই ভূমিকম্প। টাপলেজুং জিলাৰ অলাংচুং গোলাত আছিল ভূমিকম্পটোৰ অভিকেন্দ্ৰ। এই স্থান কাঠমাণ্ডুৰ পৰা প্ৰায় ২৭৫ কিলোমিটাৰ পূব দিশত অৱস্থিত।

আনহাতে, ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই (EMSC) ভূমিকম্পটোৰ প্ৰাবল্য ৫.৩ বুলি প্ৰকাশ কৰাৰ লগতে ভূ-পৃষ্ঠৰ পৰা ইয়াৰ গভীৰতা ১০ কিলোমিটাৰ বুলি উল্লেখ কৰিছে।

পূব নেপালৰ কেইবাখনো জিলাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। কেৱল নেপালতেই নহয়, উত্তৰ বংগৰ দাৰ্জিলিং, জলপাইগুৰি আৰু কোচবিহাৰতো অনুভূত হয় জোকাৰণি। ভূমিকম্পৰ ফলত অঞ্চলসমূহৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

অৱশ্যে এই পৰ্যন্ত কোনো লোকৰ মৃত্যু, আহত হোৱা অথবা কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ তথ্য প্ৰকাশ পোৱা নাই। পৰিস্থিতিৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাইলৈ গুৱাহাটীত বীৰ লাচিত দিৱসৰ বিস্তৃত কাৰ্যসূচী, চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন

গুৱাহাটী লাচিত সংঘৰ উদ্যোগত ২৪ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন...

এছিয়াৰ শক্তিশালী দেশৰ তালিকাত তৃতীয় স্থান লাভ ভাৰতৰ, দ্বিতীয় প্ৰভাৱশালী নেতা নৰেন্দ্ৰ মোদী

এছিয়াৰ শক্তিশালী দেশসমূহৰ তালিকাত নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম...