ইজৰাইলত নতুন চৰকাৰ গঠনৰ তৎপৰতা, নেতানিয়াহুৰ লিকুড পাৰ্টিক আলোচনালৈ আমন্ত্ৰণ গাডি আইজেনকটৰ

ইজৰাইলত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়াক লৈ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। এখন বহল ভিত্তিৰ চৰকাৰ গঠনৰ লক্ষ্যৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সোঁপন্থী লিকুড পাৰ্টিক পুনৰ আলোচনালৈ আমন্ত্ৰণ জনাইছে চৰকাৰ গঠনৰ দায়িত্ব লাভ কৰা গাডি আইজেনকটে। শনিবাৰে ইজৰাইলৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, দেওবাৰে দুয়োপক্ষৰ মাজত নতুনকৈ আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

আইজেনকটৰ য়াশ্বাৰ পাৰ্টিয়ে প্ৰকাশ কৰা অনুসৰি, দেশত সম্ভৱপৰ সৰ্বাধিক ৰাজনৈতিক দলৰ সমৰ্থন থকা এখন চৰকাৰ গঠন কৰাই এই আলোচনাৰ মূল উদ্দেশ্য। ইয়াৰ পূৰ্বে যোৱা দেওবাৰে অনুষ্ঠিত প্ৰথমলানি আলোচনাত কোনো সমাধান সূত্ৰ ওলোৱা নাছিল।

ইফালে, লিকুড পাৰ্টিয়ে আইজেনকটৰ নেতৃত্বাধীন শিবিৰক আৰব দলসমূহৰ সমৰ্থনত সংখ্যালঘু চৰকাৰ গঠনৰ সম্ভাৱনা পৰিহাৰ কৰিবলৈ চৰ্ত আৰোপ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। লগতে পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ বিৰোধিতা, নিৰাপত্তাৰ স্বাৰ্থত নিৰ্ধাৰিত অঞ্চলত ইজৰাইলী সেনাৰ উপস্থিতি অব্যাহত ৰখা আৰু হামাছৰ বিশেষ বাহিনী ‘নুখবা’ৰ সদস্যসকলৰ কাৰাবন্দীৰ চৰ্ত বজাই ৰখাৰ বিষয়তো স্পষ্ট প্ৰতিশ্ৰুতি বিচাৰিছে লিকুডে।

ইজৰাইলৰ ১২০খন আসনবিশিষ্ট সংসদ নেছেটত আইজেনকটৰ পৰিৱৰ্তনপন্থী মিত্ৰজোঁটৰ হাতত আছে ৪৮খন আসন। আনহাতে, দুটা আৰব নেতৃত্বাধীন দলৰ হাতত আছে ১৯খন আসন। এই দল দুটাৰ বাহিৰৰ পৰা সমৰ্থন লাভ কৰিলে সংখ্যালঘু চৰকাৰখনৰ পক্ষত ৬৭জন সাংসদৰ সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে, মিত্ৰজোঁটৰ অংশীদাৰ আভিগডৰ লিবাৰমেনে আৰব দলৰ অংশগ্ৰহণ অথবা সমৰ্থন থকা চৰকাৰত যোগদান নকৰাৰ স্থিতি গ্ৰহণ কৰিছে।

আনহাতে, লিকুড আৰু অতি-ধৰ্মীয় দলসমূহৰ সৈতে আলোচনাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে শেষ নোহোৱালৈকে সংখ্যালঘু চৰকাৰ গঠনৰ দিশত আগবাঢ়িব লাগে নে নালাগে, সেই লৈও পৰিৱৰ্তনপন্থী শিবিৰৰ ভিতৰত মতভেদৰ সৃষ্টি হোৱা বুলি প্ৰকাশ পাইছে।

উল্লেখ্য যে, যোৱা ৮ নৱেম্বৰত ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে চৰকাৰ গঠনৰ দায়িত্ব অৰ্পণ কৰিছিল গাডি আইজেনকটক। ৬৭গৰাকী সাংসদে আইজেনকটৰ সমৰ্থনত মত প্ৰকাশ কৰাৰ বিপৰীতে ৪৬গৰাকীয়ে নেতানিয়াহুক সমৰ্থন কৰিছিল। চৰকাৰ গঠনৰ বাবে আইজেনকটে লাভ কৰা ২৮ দিনৰ সময়সীমা ৬ ডিচেম্বৰত অন্ত পৰিব। প্ৰয়োজন সাপেক্ষে এই সময়সীমা আৰু ১৪ দিন বৃদ্ধি কৰিব পাৰিব।

ইফালে, ২০২২ চনৰ ডিচেম্বৰৰ পৰা ইজৰাইলৰ বিদায়ী সোঁপন্থী চৰকাৰৰ নেতৃত্ব দি আহিছে বেঞ্জামিন নেতানিয়াহুৱে। তেওঁৰ বিৰুদ্ধে ইজৰাইলত উৎকোচ, প্ৰৱঞ্চনা আৰু বিশ্বাসভংগৰ অভিযোগত বিচাৰ প্ৰক্ৰিয়া চলি আছে। ইয়াৰ উপৰি গাজাত সংঘটিত যুদ্ধাপৰাধ আৰু মানৱতাবিৰোধী অপৰাধৰ অভিযোগত ২০২৪ চনৰ নৱেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে (ICC) নেতানিয়াহুৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল।

ইজৰাইলৰ এই চৰকাৰ গঠনৰ ৰাজনৈতিক সমীকৰণে দেশখনৰ আভ্যন্তৰীণ ৰাজনীতিৰ লগতে পেলেষ্টাইন নীতি আৰু মধ্যপ্ৰাচ্যৰ সামগ্ৰিক পৰিস্থিতিতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুজৰাটৰ কচ্ছত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ তিনি শিশুসহ ৭জনৰ মৃত্যু

গুজৰাটৰ কচ্ছ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিটা...

অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক চীনৰ সমৰ্থন,ভাৰতৰ উত্থান ৰোধৰ কৌশল চীনৰ : আমেৰিকান কমিটী

ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি আৰু আঞ্চলিক প্ৰভাৱ সীমিত কৰাৰ লক্ষ্যৰে...