কুলগামত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী লতিফ ভাটক নিৰাপত্তাৰক্ষীয়ে নিধন কৰিছে। নিৰাপত্তা সংস্থাৰ সূত্ৰ অনুসৰি, লতিফেই আছিল ভাৰতত জন্মগ্ৰহণ কৰা শেষৰজন স্থানীয় সন্ত্ৰাসবাদী। কেন্দ্ৰীয় চৰকাৰে দেশক মাওবাদীমুক্ত বুলি ঘোষণা কৰাৰ পিছত এইবাৰ কাশ্মীৰত সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰতো বৃহৎ সফলতা লাভ কৰাৰ দাবী কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত ষষ্ঠ বাৰ্ষিক ‘এণ্টি টেৰ’ৰ কনফাৰেন্স’ত অংশগ্ৰহণ কৰি তেওঁ কয়, ‘‘দীৰ্ঘ ৩৫ বছৰৰ পিছত কাশ্মীৰ এতিয়া ভাৰতত জন্মগ্ৰহণ কৰা অৰ্থাৎ স্থানীয় সন্ত্ৰাসবাদীৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈছে।’’ একে সময়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, কুলগামত চি আৰ পি এফৰ জোৱানৰ শিবিৰত আক্ৰমণৰ পিছতে সমগ্ৰ উপত্যকাজুৰি তালাচী অভিযান আৰম্ভ কৰিছিল নিৰাপত্তা বাহিনীয়ে। এই অভিযানতে লস্কৰ-ই-তৈবাৰ স্থানীয় সন্ত্ৰাসবাদী লতিফ ভাটক নিধন কৰে নিৰাপত্তাৰক্ষীয়ে। তাৰ পিছদিনাই অমিত শ্বাহে কয়, ‘‘লস্কৰৰ লতিফ ভাটৰ মৃত্যুৰ পিছত কাশ্মীৰত ভাৰতত জন্মগ্ৰহণ কৰা কোনো সন্ত্ৰাসবাদী আৰু নাই। ৩৫ বছৰৰ পিছত আমি এই সফলতা লাভ কৰিছোঁ।’’ উল্লেখ্য যে লতিফৰ মূৰৰ মূল্য ১৫ লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল।
নিষিদ্ধ সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (PFI)ৰ নেটৱৰ্ক উৎখাত কৰাটোও সন্ত্ৰাসবাদবিৰোধী অভিযানৰ এক বৃহৎ সফলতা বুলি অভিহিত কৰে অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ মতে, এটা নিশাৰ ভিতৰতে ১১খন ৰাজ্যৰ আৰক্ষী আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই যুটীয়াভাৱে অভিযান চলাই PFIৰ নেটৱৰ্কত আঘাত হানিছিল। এই অভিযান সমগ্ৰ বিশ্বৰ বাবে এক আদৰ্শ বুলি তেওঁ মন্তব্য কৰে।
পাকিস্তানী গেংষ্টাৰ শ্বাহজাদ ভাট্টিৰ নেটৱৰ্কৰ ৪০টাতকৈও অধিক মডিউল উৎখাত কৰা হৈছে বুলিও জানিবলৈ দিয়ে শ্বাহে। এই সন্দৰ্ভত ১০০টাতকৈও অধিক গোচৰ ৰুজু কৰাৰ লগতে ২৭১জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ পূৰ্বেই অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিব পৰাটোৱেই এখন সফল তদন্তকাৰী সংস্থাৰ আটাইতকৈ ডাঙৰ পৰিচয় বুলি মন্তব্য কৰে অমিত শ্বাহে। তেওঁৰ মতে, দেশৰ সকলো প্ৰান্ততে এই আৰ্হিৰে কাম কৰিব লাগিব। লগতে ৰাজ্যসমূহক নিজৰ সন্ত্ৰাসবাদবিৰোধী গোট (ATS)ৰ চাইবাৰ বিশেষজ্ঞসকলক লৈ বিশেষ ইউনিট অধিক শক্তিশালী কৰাৰ পৰামৰ্শ দিয়ে তেওঁ। শ্বাহে কয়, ‘‘আৰক্ষী থানাৰ পৰা সংগ্ৰহ কৰা চোৰাংচোৱা তথ্য যাতে আৰক্ষী সঞ্চালকপ্ৰধান (DGP) পৰ্যায়লৈকে পোনপটীয়াকৈ গৈ পায়, তাৰ ব্যৱস্থা কৰিব লাগিব।’’
ইফালে, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ৰ কাম-কাজৰ পৰিসৰো বৃদ্ধি কৰা হৈছে বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তেওঁ জনোৱা মতে, নতুনকৈ ১৬টা শাখা কাৰ্যালয়, দুটা মাণ্ডলিক কাৰ্যালয় আৰু ৭০খন বিশেষ আদালত স্থাপন কৰা হৈছে।
অমিত শ্বাহে লগতে কয় যে বিদেশৰ মাটিত সংঘটিত এনে অপৰাধৰ তদন্ত কৰাৰ ক্ষমতাও NIAক প্ৰদান কৰা হৈছে, যিবোৰে ভাৰতৰ স্বাৰ্থ আৰু নিৰাপত্তাত প্ৰভাৱ পেলায়।
অনুষ্ঠানত NIAৰ সাতগৰাকী বিষয়া আৰু কৰ্মচাৰীক বিশেষ সন্মানো প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
