মহাকাশ গৱেষণাত সৃষ্টি নতুন ইতিহাস, পৃথিৱীৰ পৰা এক আলোকদিন অতিক্ৰম ভয়েজাৰ-১ৰ

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত নতুন ইতিহাস সৃষ্টি কৰিলে নাছাৰ মহাকাশযান ভয়েজাৰ-১-এ। প্ৰথমবাৰৰ বাবে পৃথিৱীৰ পৰা এক এক আলোকদিন দূৰত্ব অৰ্থাৎ প্ৰায় ৯ লাখ কোটি কিলোমিটাৰ অতিক্ৰম কৰিলে মানৱ নিৰ্মিত এই মহাকাশযানখনে। নাছাৰ হিচাপ অনুসৰি, ২০২৬ চনৰ ১৮ নৱেম্বৰৰ পুৱা ৫ বাজি ১৬ মিনিটত এই মাইলৰ খুঁটি স্পৰ্শ কৰে ভয়েজাৰ-১-এ।

এক আলোকদিন মানে পোহৰে ২৪ ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব। এই দূৰত্ব প্ৰায় ২৬০০ কোটি কিলোমিটাৰ। অৰ্থাৎ পৃথিৱীৰ পৰা ভয়েজাৰ-১ ইমানেই দূৰলৈ গুচি গৈছে যে পোহৰেও সেই দূৰত্ব অতিক্ৰম কৰিবলৈ সম্পূৰ্ণ এদিন সময় লয়।

১৯৭৭ চনত মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল ভয়েজাৰ-১। বৰ্তমান ই প্ৰতি ঘণ্টাত প্ৰায় ৬১ হাজাৰ কিলোমিটাৰ বেগেৰে মহাকাশৰ গভীৰতালৈ আগবাঢ়ি গৈ আছে। ২০১২ চনত সূৰ্যৰ পৰা নিৰ্গত কণা আৰু চুম্বকীয় ক্ষেত্ৰই সৃষ্টি কৰা হেলিঅ’স্ফিয়াৰৰ বাহিৰলৈ ওলাই আন্তঃনক্ষত্ৰীয় মহাকাশত প্ৰৱেশ কৰিছিল মহাকাশযানখনে।

নাছাৰ তথ্য অনুসৰি, ভয়েজাৰ-১ পৃথিৱীৰ পৰা আটাইতকৈ দূৰত থকা মানৱ নিৰ্মিত বস্তু। মহাকাশযানখনৰ পৰা প্ৰেৰণ কৰা সংকেত পৃথিৱীত উপস্থিত হ’বলৈ প্ৰায় এদিন সময়ৰ প্ৰয়োজন হয়। সেয়ে ইয়াৰ নতুন দূৰত্বৰ বিষয়ে নিশ্চিত সংকেত লাভ কৰিবলৈ নাছাৰ বিজ্ঞানীসকলে অপেক্ষা কৰিব লাগিব।

উল্লেখযোগ্য যে ভয়েজাৰ-১ৰ সৈতে একে বছৰতে উৎক্ষেপণ কৰা হৈছিল মহাকাশযান ভয়েজাৰ-২। ২০১৮ চনত ভয়েজাৰ-২-য়েও আন্তঃনক্ষত্ৰীয় মহাকাশত প্ৰৱেশ কৰিছিল।

প্ৰায় পাঁচ দশক ধৰি মহাকাশৰ অজান দিশলৈ অবিৰত যাত্ৰা অব্যাহত ৰখা ভয়েজাৰ-১ৰ এই সাফল্যই মহাকাশ বিজ্ঞানৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জুবিন গাৰ্গৰ ৫৪সংখ্যক ওপজা দিনত পুনেত শ্ৰদ্ধাঞ্জলি: স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে নাহৰ গছৰ পুলি ৰোপণ

অসমৰ সংগীত জগতৰ কিংবদন্তি কণ্ঠশিল্পী, সুৰকাৰ তথা সাংস্কৃতিক আইকন...