ভাগ্যই দিলে সংগ! ৫০০ টকীয়া লটাৰীৰ টিকটত ১২ কোটি টকা লাভ কৃষকৰ; ২০১০ চনৰ পৰা টিকট ক্ৰয় কৰি অৱশেষত দেৱালীৰ লটাৰী খেলত প্ৰথম পুৰস্কাৰ লাভ

প্ৰায় ১৫ বছৰ ধৰি নিয়মীয়াকৈ লটাৰীৰ টিকট ক্ৰয় কৰি অৱশেষত ভাগ্য উদয় হ’ল পঞ্জাবৰ এগৰাকী কৃষকৰ। পঞ্জাব ষ্টেট ডিয়েৰ দেৱালী বাম্পাৰ লটাৰী ২০২৬ৰ প্ৰথম পুৰস্কাৰ হিচাপে ১২ কোটি টকা লাভ কৰিলে ৪৫ বছৰীয়া বলজিন্দৰ সিঙে।

ডেৰাবাচীৰ সমীপৱৰ্তী হুমায়ুনপুৰ গাঁৱৰ বাসিন্দা বলজিন্দৰ সিঙে কৃষিকাৰ্যৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰে। দেৱালীৰ পূৰ্বে হাণ্ডেছৰাৰ এগৰাকী লটাৰী বিক্ৰেতাৰ পৰা ৫০০ টকাৰে ক্ৰয় কৰিছিল বিজয়ী টিকটটো। মঙলবাৰে নিশা প্ৰায় ১১ বজাত তেওঁ লটাৰী জয়ৰ খবৰ লাভ কৰে।

এই খবৰে বলজিন্দৰৰ পৰিয়াললৈ কঢ়িয়াই আনিছে আনন্দৰ বন্যা। ২০১০ চনৰ পৰাই তেওঁ নিয়মীয়াকৈ লটাৰীৰ টিকট ক্ৰয় কৰি আহিছিল যদিও ইয়াৰ পূৰ্বে কেতিয়াও বৃহৎ পৰিমাণৰ পুৰস্কাৰ লাভ কৰা নাছিল।

দুগৰাকী সন্তানৰ পিতৃ বলজিন্দৰ সিঙে ১২ কোটি টকাৰ জেকপট লাভৰ খবৰ পাই আৱেগিক হৈ পৰে। তেওঁ কয়, “অৱশেষত ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে।”

ইমান বৃহৎ পৰিমাণৰ ধন লাভ কৰাৰ পিছতো পুৰস্কাৰৰ ধন কেনেদৰে ব্যৱহাৰ কৰিব, সেই সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই বুলি জনায় কৃষকগৰাকীয়ে।

লটাৰী জয়ৰ খবৰ লাভ কৰাৰ পিছতে প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ বন্ধুবৰ্গৰ সৈতে জিৰকপুৰলৈ যায় বলজিন্দৰ সিং।

উল্লেখ্য যে, পঞ্জাব ষ্টেট ডিয়েৰ দেৱালী বাম্পাৰ লটাৰী ২০২৬ৰ বাবে মুঠ ৩৬ লাখ টিকট ছপা কৰা হৈছিল। ৰাশিচক্ৰৰ ১২টা নাম অনুসৰি ১২টা শৃংখলাত টিকটসমূহ মুকলি কৰা হৈছিল।

দীৰ্ঘ ১৫ বছৰ ধৰি ৫০০ টকীয়া লটাৰীৰ টিকট ক্ৰয় কৰি অহা বলজিন্দৰ সিঙৰ বাবে অৱশেষত এই পুৰস্কাৰ পৰিয়ালটোৰ ভাগ্য সলনি কৰাৰ এক বৃহৎ সুযোগ হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জুবিন গাৰ্গৰ ৫৪সংখ্যক ওপজা দিনত পুনেত শ্ৰদ্ধাঞ্জলি: স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে নাহৰ গছৰ পুলি ৰোপণ

অসমৰ সংগীত জগতৰ কিংবদন্তি কণ্ঠশিল্পী, সুৰকাৰ তথা সাংস্কৃতিক আইকন...

মহাকাশ গৱেষণাত সৃষ্টি নতুন ইতিহাস, পৃথিৱীৰ পৰা এক আলোকদিন অতিক্ৰম ভয়েজাৰ-১ৰ

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত নতুন ইতিহাস সৃষ্টি কৰিলে নাছাৰ মহাকাশযান...