কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ দ্ৰুত প্ৰসাৰৰ মাজতে ‘হিউমেন’ (Human) শব্দটোক ২০২৬ বৰ্ষৰ ‘ৱৰ্ড অৱ দ্য ইয়েৰ’ হিচাপে নিৰ্বাচন কৰিছে কেম্ব্ৰিজ অভিধানে। ‘হিউমেন’ শব্দটোৰ অৰ্থ হৈছে দেৱতা, জীৱ-জন্তু অথবা যন্ত্ৰৰ বিপৰীতে মানুহৰ গুণ, দোষ আৰু অনুভূতি থকা।
কেকেম্ব্ৰিজ অভিধানৰ মুখ্য সম্পাদক কলিন মেকিনটছৰ মতে, কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ ফলত পূৰ্বে কেৱল মানুহেহে কৰিব পৰা কামৰ ক্ষেত্ৰতো এতিয়া স্পষ্টকৈ ‘মানৱীয়’ বুলি উল্লেখ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
এই শব্দটোৰ বৰ্তমানৰ ব্যৱহাৰৰ উদাহৰণ হিচাপে অভিনেত্ৰী স্কাৰলেট জোহানছনৰ ‘মানৱীয় সৃষ্টিশীলতাৰ ওপৰত আক্ৰমণ’ৰ বিৰুদ্ধে কৰা প্ৰতিবাদ আৰু অভিনেতা মেথিউ মেককনাহিৰ নিজৰ কণ্ঠস্বৰ তথা প্ৰতিচ্ছবিৰ অনুমতিবিহীন ডিজিটেল ব্যৱহাৰ ৰোধৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰা হৈছে।
কেম্ব্ৰিজ অভিধানৰ এই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে কয় যে AIৰ সফলতা কিমানখিনি মানুহৰ জীৱন উন্নত কৰিব পাৰিছে, তাৰ ভিত্তিতহে মূল্যায়ন কৰা উচিত।
মেকিনটছৰ মতে, সময়ৰ লগে লগে শব্দৰ অৰ্থ আৰু ব্যৱহাৰৰ পৰিৱৰ্তন সম্পৰ্কে অভিধান প্ৰস্তুতকাৰীসকলে সজাগ হৈ থাকিব লাগে। তেওঁৰ গৱেষণাত প্ৰকাশ পাইছে যে ১৯০০ চনৰ তুলনাত বৰ্তমান ‘হিউমেন’ শব্দটোৰ ব্যৱহাৰ চাৰিগুণ বৃদ্ধি পাইছে।
তেওঁ কয় যে পূৰ্বতে পুৰুষ আৰু মহিলা উভয়কে বুজাবলৈ ‘মেন’ শব্দটো অধিক ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমান সেই অৰ্থত শব্দটোৰ ব্যৱহাৰ গ্ৰহণযোগ্য নহয়। মধ্য ইংৰাজীত চতুৰ্দশ শতিকাত ফৰাচী ভাষাৰ পৰা ‘হিউমেন’ শব্দটোৰ আগমন ঘটিছিল। শ্বেইকছপীয়েৰৰ ৰচনাতো এই শব্দৰ ব্যৱহাৰ পোৱা যায় যদিও পৰৱৰ্তী সময়ত ইয়াৰ ব্যৱহাৰ সীমিত হৈ পৰিছিল।
AIৰ পৰা মানুহৰ সৃষ্টিকৰ্ম আৰু দক্ষতাক পৃথককৈ বুজাবলৈ ‘হিউমেন-মেইড’ আৰু ‘হিউমেন-ড্ৰিভেন’ৰ দৰে যৌগিক শব্দৰ ব্যৱহাৰো বৃদ্ধি পাইছে।
মেকিনটছৰ মতে, চিন্তা-চৰ্চাৰ কাম AIৰ হাতত এৰি দিয়াৰ ফলত মানুহে কি হেৰুৱাব পাৰে, সেই আশংকাই AIৰ ওপৰত আমাৰ নিৰ্ভৰশীলতাক নতুনকৈ বিবেচনা কৰিবলৈ বাধ্য কৰিছে। এই বিষয়টোক লৈ উচ্চ পৰ্যায়ৰ গণিতজ্ঞৰ পৰা আৰম্ভ কৰি কণ কণ শিশুক শিক্ষা দিয়া শিক্ষকসকলৰ মাজতো চিন্তা-চৰ্চা চলিছে।
ইফালে, বিল গেটছে শেহতীয়াকৈ সেৱা-শুশ্ৰূষাৰ দৰে কামক ‘মানুহৰ বাবে সংৰক্ষিত চাকৰি’ হিচাপে ৰখাৰ পোষকতা কৰিছে। AIৰ বাবে চাকৰি হেৰুওৱা লোকসকলক প্ৰশিক্ষণ দিয়াৰ বাবে ‘ৰবট কৰ’ (Robot Tax) আৰোপ কৰাৰো আহ্বান জনাইছে তেওঁ।
কৃত্ৰিম বুদ্ধিমত্তাৰ জনক হিচাপে পৰিচিত নোবেল বঁটাপ্ৰাপক জেফ্ৰি হিণ্টনেও AIৰ বিপদৰ বিষয়ে সতৰ্ক কৰি কৈছে, “আমি এলিয়েন সত্তাৰ সৃষ্টি কৰি আছোঁ। মই স্বাৰ্থপৰ হ’বলৈ আৰু মানুহক বাছি ল’বলৈ প্ৰস্তুত।”
আনহাতে, পোপ লিঅ’ চতুৰ্দশই নতুন নতুন ধৰণৰ ‘মানৱীয়তাহীনতা’ (Dehumanisation)ৰ বিষয়ে সতৰ্ক কৰি দি গভীৰভাৱে মানৱীয় হৈ থকাটো এক জৰুৰী কৰ্তব্য বুলি অভিহিত কৰিছে।
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ বিজ্ঞান দৰ্শনৰ গৱেষক ড০ টম মেকক্লেলেণ্ডৰ মতে, বৰ্তমান মানৱতাৰ ধাৰণাটোৱেই পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈছে। মানুহৰ মন আৰু কৃত্ৰিম মনৰ মাজত পাৰ্থক্য ক’ত, মানুহৰ দৰে জীৱিত সত্তা আৰু মানুহে সৃষ্টি কৰা কৃত্ৰিম সত্তাৰ মাজত প্ৰকৃত পাৰ্থক্য কি; এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি থকা হৈছে। চেতনা, সৃষ্টিশীলতা নে সহানুভূতি, কোনটোৱে মানুহক আনৰ পৰা পৃথক কৰে, সেয়াও এতিয়া চৰ্চাৰ বিষয়।
AIৰ দ্বাৰা সৃষ্টি কৰা সমলৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গৱেষকসকলে ‘মানুহৰ দ্বাৰা নিৰ্মিত’ বুলি চিনাক্ত কৰিব পৰা এক সাৰ্বজনীন প্ৰতীকৰ বিকাশৰ পৰিকল্পনা কৰিছে। ১৯৮০ৰ দশকত প্ৰচলন হোৱা ‘ফেয়াৰট্ৰেড’ লেবেলৰ দৰেই এই প্ৰতীকে মানৱসৃষ্ট সমল চিনাক্ত কৰাত সহায় কৰিব।
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ AI শাসন আৰু মানৱ অধিকাৰ বিশেষজ্ঞ অধ্যাপক ৰেচেল এডামছৰ মতে, AIৰ বিকাশে মানৱজাতিক হাজাৰ হাজাৰ বছৰ ধৰি চিন্তিত কৰি অহা প্ৰশ্নসমূহ পুনৰ সন্মুখলৈ আনিছে। আমি কোন? মানুহ হোৱা মানে কি?
তেওঁৰ মতে, AI মানৱতাৰ বাবে এক গভীৰ পৰীক্ষা হ’বলৈ গৈ আছে। ইয়াৰ ফলত সমাজত পূৰ্বৰে পৰা থকা বৈষম্য আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা আছে যদিও একে সময়তে সেই বৈষম্য দূৰ কৰাৰ সম্ভাৱনাও আছে।
