জম্মু-কাশ্মীৰৰ দক্ষিণ কাশ্মীৰৰ অন্তিমজন সক্ৰিয় স্থানীয় সন্ত্ৰাসবাদী কমাণ্ডাৰ হিচাপে পৰিচিত মহম্মদ লতিফ ভাট নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত নিহত হৈছে। বুধবাৰে কুলগাম জিলাৰ জাংগলগাম গাঁৱত সংঘটিত অভিযানত ২৩ বছৰীয়া লতিফ ভাট নিহত হোৱা বুলি আৰক্ষীয়ে সদৰী কৰিছে। ইয়াৰ লগে লগে প্ৰায় এবছৰ ধৰি চলি থকা তেওঁৰ সন্ধান অভিযানৰ অন্ত পৰে।
আজি পুৱাৰে পৰা নিৰাপত্তা বাহিনীয়ে লতিফ ভাটৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল। অভিযানৰ সময়ত তেওঁ গাঁওখনৰ এখন মছজিদৰ ভিতৰত আশ্ৰয় লৈ থকা বুলি জানিব পৰা যায়। সমগ্ৰ গাঁওখন নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰাৰ লগতে তেওঁক আত্মসমৰ্পণ কৰিবলৈ বুজনি দিয়াৰ চেষ্টা চলাইছিল। কিন্তু তেওঁ আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ কৰে।
উল্লেখ্য যে, ইয়াৰ দুদিন পূৰ্বে কুলগামৰ লাৰু বাইপাছৰ সমীপত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত লতিফৰ সহযোগী উমৰ নিছাৰ দাৰ নিহত হৈছিল। সেই সংঘৰ্ষৰ সময়ত নিৰাপত্তা বাহিনীৰ ঘেৰাও ভেদ কৰি পলায়ন কৰিবলৈ সক্ষম হৈছিল লতিফ ভাট। ইয়াৰ পিছতে অঞ্চলটোত তেওঁৰ সন্ধানত ব্যাপক অভিযান চলোৱা হৈছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও সামাজিক মাধ্যম এক্সত এটা পোষ্টযোগে লতিফ ভাটৰ মৃত্যুৰ কথা নিশ্চিত কৰে। তেওঁ কয় যে কুলগামত বুধবাৰে পুৱতি নিশা চলোৱা অভিযানত লস্কৰ-ই-তৈবাৰ সৈতে জড়িত উপত্যকাটোৰ অন্তিমজন সক্ৰিয় স্থানীয় সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰা হৈছে।
এই অভিযানত জম্মু-কাশ্মীৰ আৰক্ষী, ভাৰতীয় সেনা, চি আৰ পি এফ আৰু চোৰাংচোৱা সংস্থাসমূহৰ সমন্বিত প্ৰচেষ্টাৰ শলাগ লয় গৃহমন্ত্ৰীগৰাকীয়ে। নিৰাপত্তা বাহিনীৰ মাজত থকা উচ্চ পৰ্যায়ৰ সমন্বয়ৰ প্ৰশংসা কৰি তেওঁ দেশবাসীৰ হৈ জোৱানসকলক অভিবাদন জনায়। লগতে এদিন পূৰ্বে নিহত হোৱা লতিফৰ সহযোগী উমৰ নিছাৰ দাৰৰ কথাও উল্লেখ কৰে।
কুলগাম জিলাৰ খ্ৰেৱান গাঁৱৰ বাসিন্দা লতিফ ভাট পূৰ্বে কাঠমিস্ত্ৰী হিচাপে কাম কৰিছিল। ২০২৫ চনৰ নৱেম্বৰ মাহত তেওঁ নিৰুদ্দেশ হোৱাৰ পিছত পৰিয়ালে আৰক্ষীৰ ওচৰত সন্ধানহীনতাৰ অভিযোগ দাখিল কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰা বুলি অভিযোগ উত্থাপন হৈছিল।
নিৰাপত্তা সংস্থাৰ তথ্য অনুসৰি, জম্মু-কাশ্মীৰত প্ৰশিক্ষণপ্ৰাপ্ত সক্ৰিয় স্থানীয় সন্ত্ৰাসবাদী হিচাপে তেওঁক একমাত্ৰ ব্যক্তি বুলি চিনাক্ত কৰা হৈছিল। তেওঁৰ নিৰুদ্দেশ আৰু পৰৱৰ্তী সময়ত সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগে তেওঁক উপত্যকাটোৰ অন্যতম সন্ধানহীন সন্ত্ৰাসবাদী হিচাপে পৰিচিত কৰিছিল।
যোৱা বছৰৰ নৱেম্বৰ মাহত সামাজিক মাধ্যমত প্ৰচাৰিত কিছুমান ফটোগ্ৰাফত লতিফ ভাটে লস্কৰ-ই-তৈবাৰ ছত্ৰছায়াত কাম কৰা সংগঠন কাশ্মীৰ ৰিভলিউশ্যন আৰ্মী (KRA)ত যোগদান কৰা বুলি দাবী কৰা হৈছিল। ২০২৫ চনৰ ১৯ নৱেম্বৰত তেওঁৰ পৰিয়ালে কুলগাম আৰক্ষী থানাত সন্ধানহীনতাৰ গোচৰ ৰুজু কৰিছিল।
