সোমবাৰে চৰাইদেউ জিলাৰ উপায়ুক্ত নেহা যাদৱে মৰাণহাটস্থিত ডাউন টাউন গুৰুকুল বিদ্যালয় পৰিদৰ্শন কৰে। জিলাখনৰ উপায়ুক্তগৰাকীৰ এই উপস্থিতিয়ে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী তথা সমগ্ৰ ডাউন টাউন গুৰুকুল পৰিয়ালৰ মাজত আনন্দ আৰু উৎসাহৰ সৃষ্টি কৰে।
পৰিদৰ্শনকালত উপায়ুক্ত নেহা যাদৱে বিদ্যালয়খনৰ চৌহদ পৰিদৰ্শন কৰি শৈক্ষিক পৰিৱেশ, আন্তঃগাঁথনি আৰু শিক্ষাৰ্থীসকলৰ বাবে উপলব্ধ বিভিন্ন সা-সুবিধাৰ বিষয়ে বুজ লয়। লগতে বিদ্যালয়খনে গুণগত শিক্ষা প্ৰদান, শিক্ষাৰ্থীসকলৰ সৰ্বাংগীণ বিকাশ আৰু এক সুৰক্ষিত তথা শিক্ষানুকূল পৰিৱেশ গঢ়ি তোলাৰ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও অৱগত হয়।
উপায়ুক্তগৰাকীৰ এই পৰিদৰ্শন ডাউন টাউন গুৰুকুল পৰিয়ালৰ বাবে এক বিশেষ তথা গৌৰৱৰ মুহূৰ্ত হিচাপে বিবেচিত হৈছে। বিদ্যালয় কৰ্তৃপক্ষই নিজৰ বহুমূলীয়া সময় আগবঢ়াই বিদ্যালয়খন পৰিদৰ্শন কৰাৰ বাবে নেহা যাদৱক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখ্য যে, শিক্ষাৰ্থীসকলক কেৱল শৈক্ষিক দিশতে নহয়, বৰঞ্চ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে উপযুক্তভাৱে গঢ়ি তোলাৰ লক্ষ্যৰে ডাউন টাউন গুৰুকুলে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। গুণগত শিক্ষা, অৰ্থপূৰ্ণ শিক্ষণ অভিজ্ঞতা আৰু সৰ্বাংগীণ বিকাশৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ এক উজ্জ্বল ভৱিষ্যৎ নিৰ্মাণৰ লক্ষ্যৰে বিদ্যালয়খন আগবাঢ়ি গৈছে।
