ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গাজাত সাধাৰণ নাগৰিকৰ মৃত্যু হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি বাৰে বাৰে দিছিল যদিও সেই প্ৰতিশ্ৰুতি পালন কৰাৰ কোনো ইচ্ছা তেওঁৰ নাছিল। ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীক লৈ এই বিস্ফোৰক মন্তব্য কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’ বাইডেনে।
নিজৰ প্ৰকাশ পাবলগীয়া আত্মজীৱনী ‘Promise Me, America’ৰ কিছু অংশত বাইডেনে প্ৰকাশ কৰিছে যে গাজাত ইজৰাইলৰ সামৰিক অভিযানৰ ফলত সৃষ্টি হোৱা মানৱীয় সংকটক লৈ তেওঁ নেতান্যাহুৰ সৈতে বাৰে বাৰে আলোচনা কৰিছিল। কিন্তু সাধাৰণ নাগৰিকৰ মৃত্যু ৰোধ কৰাৰ ক্ষেত্ৰত নেতান্যাহুৱে দিয়া আশ্বাসৰ বিপৰীতে ইজৰাইলৰ সামৰিক অভিযান অব্যাহত থকাত বাইডেন ক্ৰমাৎ অসন্তুষ্ট হৈ পৰিছিল।
বাইডেনে লিখিছে, “নেতান্যাহুয়ে এনে প্ৰতিশ্ৰুতি দিবলৈ কোনো সংকোচ কৰা নাছিল, যিবোৰ পূৰণ কৰাৰ ক্ষমতাও তেওঁৰ নাছিল, আনকি সেইবোৰ পালন কৰাৰ ইচ্ছাও তেওঁৰ নাছিল।”
শুকুৰবাৰে CNN-সহ কেইবাটাও আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা আত্মজীৱনীৰ উদ্ধৃতিসমূহত দুয়োগৰাকী নেতাৰ মাজৰ সম্পৰ্কৰ এক স্পষ্ট ছবি প্ৰতিফলিত হৈছে। অহা ১৭ নৱেম্বৰত প্ৰকাশ পাব এই আত্মজীৱনী।
বাইডেনে লিখিছে যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ ইজৰাইল আক্ৰমণৰ ফলত মধ্যপ্ৰাচ্যত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ তেওঁৰ আশা “চূৰ্ণ-বিচূৰ্ণ” হৈ পৰিছিল। আক্ৰমণৰ দিনটোতে নেতানিয়াহুক কেইবাবাৰো ফোন কৰি ভৱিষ্যতে যাতে এনে আক্ৰমণ পুনৰ সংঘটিত নহয়, তাৰ বাবে ৱাশ্বিংটনে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰিছিল।
বাইডেনে লিখিছে, “মই তেওঁক জনাব বিচাৰিছিলোঁ যে এনে এটা দিন যাতে পুনৰ কেতিয়াও নাহে, তাৰ বাবে মই কিমান দৃঢ়প্ৰতিজ্ঞ।”
হামাছৰ আক্ৰমণত হোৱা হত্যাকাণ্ডৰ প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত ইজৰাইলৰ দৃঢ়তা তেওঁ বুজি পাইছিল যদিও যুদ্ধৰ আৰম্ভণিৰ পৰাই সাধাৰণ নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ ইজৰাইল চৰকাৰক আহ্বান জনাই আহিছিল বুলি বাইডেনে উল্লেখ কৰিছে।
তেওঁৰ ভাষ্য অনুসৰি, “সংঘাতৰ আৰম্ভণিৰ পৰাই সাধাৰণ নাগৰিকৰ দুৰ্দশা হ্ৰাস কৰিবলৈ প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰাৰ বাবে মই ইজৰাইলক আহ্বান জনাই আহিছিলোঁ। বিবিৰ সৈতে হোৱা বহু ব্যক্তিগত আলোচনাতো মই এই উদ্বেগ প্ৰকাশ কৰিছিলোঁ। ইজৰাইলৰ ভাবমূৰ্তি আৰু যুদ্ধৰ প্ৰতি আমেৰিকাৰ সমৰ্থনৰ ওপৰত ক্ৰমবৰ্ধমান মৃত্যুৰ সংখ্যাই কেনে নেতিবাচক প্ৰভাৱ পেলাইছে, সেই কথা তেওঁ স্বীকাৰ কৰিছিল।”
বাইডেনৰ মতে, পেলেষ্টাইনী লোকৰ ক্ৰমবৰ্ধমান মৃত্যুৰ সংখ্যাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইজৰাইলৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰাৰ লগতে আমেৰিকাৰ বাবেও ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিছিল। তথাপিও নেতান্যাহুৱে দিয়া প্ৰতিশ্ৰুতি বাস্তৱত কাৰ্যকৰী কৰাত বাৰে বাৰে ব্যৰ্থ হৈছিল।
বাইডেনে লিখিছে, “কিন্তু এটা চিনাকি ধাৰা অব্যাহত থাকিল। তেওঁ অধিক সতৰ্কতা অৱলম্বন কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু তাৰ পিছতেই আন এটা আক্ৰমণ সংঘটিত হৈছিল, য’ত অধিক সংখ্যক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল। আমি এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলে ইজৰাইলে সদায় কিবা নহয় কিবা ব্যাখ্যা বা অজুহাত দিছিল। কিন্তু শেষত পৰিণাম একেই আছিল।”
তেওঁ লগতে লিখিছে, “নেতান্যাহুৱে যে যথেষ্ট চাপৰ মাজত কাম কৰি আছিল, সেই কথা মই বুজি পাইছিলোঁ। কিন্তু এগৰাকী ৰাষ্ট্ৰনেতাৰ দৰে চিন্তা কৰি কেৱল নিজৰ তাৎক্ষণিক ৰাজনৈতিক স্বাৰ্থৰ পৰিৱৰ্তে ইজৰাইলৰ দীৰ্ঘম্যাদী স্বাৰ্থ সুৰক্ষিত কৰাত তেওঁৰ ব্যৰ্থতাই মোক হতাশ কৰিছিল।”
গাজা যুদ্ধক লৈ মতানৈক্যৰ উপৰি দুয়োগৰাকী নেতাৰ মাজত থকা আস্থাৰ অভাৱৰ বিষয়েও আত্মজীৱনীত উল্লেখ কৰিছে বাইডেনে।
তেওঁ লিখিছে, “আমাৰ মাজত বিশেষ বিশ্বাসৰ সম্পৰ্ক নাছিল। আমি ইজনে-সিজনৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিছিলোঁ যদিও পৰস্পৰৰ প্ৰতি গভীৰ আস্থা নাছিল। নেতান্যাহুৰ কিছুমান আচৰণক লৈও মই চিন্তিত আছিলোঁ, যিবোৰ ট্ৰাম্পৰ আচৰণৰ সৈতে মিল আছিল। তেওঁ তথ্যৰ ক্ষেত্ৰত অতি সুবিধাবাদী হ’ব পাৰিছিল আৰু নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক নিজৰ মতে ব্যৱহাৰ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল।”
ইফালে, ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয় কাৰ্যালয় (OCHA)-এ উদ্ধৃত কৰা গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যুদ্ধত প্ৰায় ৭৫ হাজাৰ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত শিশুও আছে। যুদ্ধৰ ভয়াৱহ ধ্বংসলীলাৰ ফলত গাজাৰ প্ৰায় সমগ্ৰ জনসংখ্যাই কোনো নহয় কোনো সময়ত নিজৰ বাসস্থান এৰি স্থানান্তৰিত হ’বলগীয়া হৈছে।
ৰাষ্ট্ৰসংঘই ইজৰাইলৰ সামৰিক অভিযানক গণহত্যা (Genocide) হিচাপে অভিহিত কৰিছে।
