গান্ধী পৰিয়ালক লৈ বিতৰ্কিত মন্তব্য, বিজেপি সাংসদ কংগনা ৰাণাৱটৰ বিৰুদ্ধে হিমাচলত এজাহাৰ, বিজেপিৰ মতে এয়া ‘ৰাজনৈতিক প্ৰতিহিংসা’

ছ’চিয়েল মিডিয়াত গান্ধী পৰিয়ালক লক্ষ্য কৰি কৰা বিতৰ্কিত মন্তব্যৰ বাবে বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে হিমাচল প্ৰদেশৰ ছিমলা আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত নতুন ৰাজনৈতিক সংঘাতৰ সৃষ্টি হৈছে। বিজেপিয়ে এই পদক্ষেপক ‘ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত’ বুলি অভিহিত কৰাৰ বিপৰীতে কংগ্ৰেছে আইনী ব্যৱস্থাক সমৰ্থন জনাইছে।

শুকুৰবাৰে ছিমলা আৰক্ষীয়ে কংগনা ৰাণাৱটৰ বিৰুদ্ধে শত্ৰুতা আৰু বিদ্বেষ বিয়পোৱা, ৰাজহুৱা অশান্তি সৃষ্টি কৰা তথা মানহানিৰ অভিযোগত গোচৰ ৰুজু কৰে। অভিযোগ অনুসৰি, যোৱা ১০ নৱেম্বৰত ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা পোষ্টত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধী তথা ৰাজীৱ গান্ধীৰ মৃত্যুক লৈ উচটনিমূলক ইংগিত দিয়া হৈছিল।

এই ঘটনাক লৈ বিজেপি নেতা তথা হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে, কংগনা ৰাণাৱটৰ মন্তব্য তেওঁৰ ব্যক্তিগত মতামত আৰু গণতন্ত্ৰত প্ৰতিগৰাকী নাগৰিকৰে নিজৰ মত প্ৰকাশ কৰাৰ অধিকাৰ আছে।

ঠাকুৰে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিহিংসাৰ অভিযোগ উত্থাপন কৰি কয় যে, বিজেপি নেতাসকলৰ বিৰুদ্ধে কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা আপত্তিজনক মন্তব্য প্ৰকাশ কৰা হয় যদিও সেইবোৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়।

ইফালে, কংগ্ৰেছ নেতা তথা মন্ত্ৰী জগত সিং নেগীয়ে আৰক্ষীৰ এই পদক্ষেপক সমৰ্থন জনাই কয় যে, কোনো ব্যক্তিৰ বিৰুদ্ধে মিছা আৰু মানহানিকৰ অভিযোগ উত্থাপন কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰাটো স্বাভাৱিক। তেওঁ ছোনিয়া গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰো অভিযোগ কৰে।

নেগীয়ে লগতে দাবী কৰে যে, ছোনিয়া গান্ধীৰ সদ্যপ্ৰকাশিত স্মৃতিগ্ৰন্থ ‘Belonging: A Journey of Love’ ত উত্থাপন কৰা বিষয়সমূহৰ উত্তৰ দিব নোৱাৰি বিজেপি নেতাসকলে বিভ্ৰান্তিকৰ আৰু নিম্নমানৰ মন্তব্য কৰিছে।

উল্লেখ্য যে, ছিমলাৰ বাসিন্দা অতুল শৰ্মাই কংগনা ৰাণাৱটৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। অভিযোগ অনুসৰি, ৰাণাৱটৰ এটা ছ’চিয়েল মিডিয়া পোষ্টত ছোনিয়া গান্ধীক ‘ৰহস্যময়ী বিদেশী নাগৰিক’ বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ আত্মীয়সকলৰ এজনৰ পিছত আনজনৰ মৃত্যু হোৱা আৰু তাৰ ফলত তেওঁৰ ৰাজনৈতিক উত্থানৰ পথ মুকলি হোৱা বুলি ইংগিত দিয়া হৈছিল। পোষ্টটোৰ শেষত ‘কিমান সুবিধাজনক!’ বুলিও মন্তব্য কৰা হৈছিল।

ইয়াৰ উপৰি সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী মানেকা গান্ধীক পৰিয়ালৰ বাসগৃহৰ পৰা বাহিৰ কৰি দিয়া হৈছিল বুলিও ৰাণাৱটে দাবী কৰা বুলি অভিযোগত উল্লেখ কৰা হৈছে।

অভিযোগকাৰী অতুল শৰ্মাৰ মতে, এনে পৰিকল্পিত আৰু বিভ্ৰান্তিকৰ বক্তব্যই ৰাজনৈতিক মতানৈক্যৰ সীমা অতিক্ৰম কৰি সমাজত শত্ৰুতা আৰু অশান্তিৰ সৃষ্টি কৰিব পাৰে। লগতে মিছা তথ্য প্ৰচাৰৰ জৰিয়তে জনসাধাৰণৰ মাজত আতংক সৃষ্টি কৰা আৰু সামাজিক সম্প্ৰীতি তথা ৰাষ্ট্ৰীয় সংহতি বিঘ্নিত কৰাৰ আশংকাও প্ৰকাশ কৰে অভিযোগকাৰীগৰাকীয়ে।

এই ঘটনাক কেন্দ্ৰ কৰি হিমাচল প্ৰদেশৰ ৰাজনীতিত কংগ্ৰেছ আৰু বিজেপিৰ মাজত বাকযুদ্ধ অধিক তীব্ৰ হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজস্থানত ৰে’লপথত বিস্ফোৰণৰ ঘটনাৰে পাকিস্তানৰ সম্পৰ্ক! পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ দুই অভিযুক্ত

ৰাজস্থানৰ শ্ৰী গংগানগৰ জিলাত ৰে’লপথত সংঘটিত বিস্ফোৰণৰ ঘটনাৰ সৈতে...

ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনৰ ইতিহাস। জাপান মাষ্টাৰ্ছ ২০২৬ৰ ফাইনেলত জয় লক্ষ্য সেনৰ

জাপানৰ কুমামোটো মাষ্টাৰ্ছ ২০২৬ৰ পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন ভাৰতীয়...